ডুমডুমা,13 মাৰ্চঃ ডুমডুমাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূপ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁৱত থকা পানীযোগান আঁচনিৰ পৰা আজিলৈকে এটুপি খোৱা পানী লাভ নকৰিলে বৃহত্তৰ অঞ্চলবাসীয়ে । বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে চৰকাৰী ধন খৰচ কৰি পানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে যদিও আজিলৈকে অঞ্চলবাসী বঞ্চিত হৈ ৰ'ল এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা। বিয়াগোম বিভাগটোৱে চৰকাৰী ধন খৰচ কৰি পানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলে যদিও এই পৰ্যন্ত বিকল অৱস্থাত আছে পানী যোগান আঁচনি ৷ অতি শীঘ্ৰে এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰি বৃহত্তৰ কাকজান অঞ্চলবাসী ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়কঃপানীৰ অভাৱত বাক্সাৰ অন্থাইবাৰীত তামোলৰ গছত অচিন ৰোগ