ডুমডুমা,18 ফেব্ৰুৱাৰীঃ দৰিদ্ৰতা সফলতাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ লক্ষ্য স্থিৰ আৰু কঠোৰ পৰিশ্ৰমৰ বলত সকলো কামেই সহজ হৈ পৰে ৷ এই কথাষাৰৰ প্ৰমাণ দিলে কাকপথাৰৰ চেঙেলীজান গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ পাঁচোটিকৈ সন্তানৰ সফলতা লাভে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চেঙেলীজান গাঁৱৰ এজন খেতিয়ক হৈছে দ্ৰোণ চুতীয়া ৷ কৃষক গৰাকীয়ে 5 পুত্ৰক শৈশৱৰে পৰা সু-নাগৰিক হ’বলৈ শিক্ষা প্ৰদান কৰিছিল ৷
এই আদৰ্শবান কৃষকজনৰ পাঁচোগৰাকী পুত্ৰই সম্প্ৰতি দেশমাতৃৰ সেৱাত নিয়োজিত হৈ আছে । পৰিয়ালটোৰ 3 জন পুত্ৰ অসম আৰক্ষীৰ কনিষ্টবল, এজন কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান আৰু শেহতীয়াকৈ কণিষ্ঠ পুত্ৰ পাৰ্থজিৎ চুতীয়াই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছে ৷ পাঁচোগৰাকী পুত্ৰৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে দ্ৰোণ চুতীয়াৰ পৰিয়ালবৰ্গ ৷
লগতে পঢ়কঃ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিং