ডুমডুমা, 22মেঃ লক ডাউনৰ মাজতেই ডুমডুমাৰ চুকৰেটিং চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ । চলিত মাহৰ ৮ মে' তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত শ্ৰম আইনৰ কেইবাটাও দফা সংশোধন কৰাৰ লগতে শ্ৰমিকৰ কৰ্মৰ সময় ৮ ঘন্টাৰ পৰিৱৰ্তে ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'য় ।
অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ নেতৃত্বত সামাজিক দূৰত্ব বৰ্তাই ৰাখি চুকৰেটিং চাহ বাগিছাৰ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিকসকলৰ পৰিৱৰ্তে বৃহৎ পূঁজিপতি গোষ্ঠীৰ কথা চিন্তা কৰা চৰকাৰৰ এই নীতিক তীব্ৰ প্ৰতিবাদ জনাই অসমৰ প্ৰতিখন চাহ বাগিছাত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জনাইছে "অসম চাহ মজদুৰ সংঘ"ই । শ্ৰমিক আইন সংশোধন কৰি ৮ ঘন্টাৰ কৰ্মসময় বৃদ্ধি কৰি ১২ ঘন্টা কৰা সিদ্ধান্তই অসমৰ শ্ৰমিক ৰাইজৰ প্ৰতি চৰম প্ৰতাৰণা আৰু অন্যায় কৰা হৈছে বুলিও উল্লেখ কৰে সংগঠনটোৱে । এই আইনে একাংশ পূঁজিপতিৰ দ্বাৰা শ্ৰমিক সকলক শোষণ কৰাৰ সুবিধা কৰি দিয়া বুলি অভিযোগ কৰি শুক্ৰবাৰে ৰাজ্যখনৰ সকলো চাহ বাগিচাৰ কাৰ্যালয় সন্মূখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আইনখন শীঘ্ৰে বাতিল কৰি বৰ্তমান অব্যাহত থকা ৮ ঘণ্টীয়া কৰ্মসময় বাহাল ৰখাৰ দাবী জনাই বাগিচা পৰিচালকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে সংঘই ।
লগতে পঢ়কঃ বিমানসেৱা আৰম্ভ কৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত প্ৰস্তুতি আৰম্ভ