ডুমডুমা, ১৫ ফেব্ৰুৱাৰী: সোমবাৰে তিনিচুকীয়াৰ ডুমডুমা তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশিক প্ৰভাৱ অধিসূচনা বাতিল কৰা, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া, আহোমৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে নিৱনুৱা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমা, ছৈখোৱা, কাকপথাৰ, ডিৰাক, কৈলাশপুৰ আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমা ৰাজহুৱা খেলপথাৰৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শীঘ্ৰে এই দাবীসমূহ পূৰণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।