ETV Bharat / state

ডুমডুমাত বানৰ সংহাৰী ৰূপ

author img

By

Published : Jun 26, 2020, 10:09 PM IST

নেৰানেপেৰা বৰষুণৰ ফলত ডুমডুমা নৈৰ জলস্তৰ বৃদ্ধি পোৱাত ডুমডুমাৰ কেইবাটাও অঞ্চলত জন জীৱন ব্যাহত হৈ পৰিছে ৷

doomdooma flood situation critical condition
ডুমডুমাত বানপানীৰ সংহাৰী ৰূপ

ডুমডুমাৰ,26জুন : বাৰিষা অহাৰ লগে লগে সমগ্ৰ অসমতে বানে বিভিষিকাৰ সৃষ্টি কৰে ৷ এই বছৰো ব্যতিক্ৰম নহয় বাৰিষা অহাৰ পূৰ্বে বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপবন,শংকৰদেৱ নগৰ,হানচৰা,মানখোৱা,ৰূপাই,তালাপ আদি অঞ্চলত কৃত্ৰিম বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত সাধাৰণ জন জীৱন ব্যাহত হৈ পৰিছে অঞ্চল সমূহত।

ডুমডুমাত বানৰ সংহাৰী ৰূপ

ইফালে তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডুমডুমা নৈৰ জলস্থৰ বৃদ্ধি পোৱাত ডুমডুমাৰ কেইবাটাও অঞ্চল পানীত বুৰ গৈছে । যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ লোকসকলে । SDRF ৰ লোকসকলে দিনে-নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বহু অঞ্চলত আৱদ্ধ হৈ আছে বহু লোক ৷

ইপিনে দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি থকা লোকসকলে বানপানীৰ ফলত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈ জিলা প্ৰশাসন তথা চৰকাৰক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বানাক্ৰান্তই ৷ আনহাতে সমগ্ৰ অসমত এই বছৰৰ দ্বিতীয়তো বানত ৰাজ্যখনত 6 লাখতকৈও অধিক লোক বানত আক্ৰান্ত হৈছে আৰু বৰ্তমান পৰ্যন্ত 15 জনকৈ লোকৰ বানৰ ফলত মৃত্যু হৈছে ৷

লগতে পঢ়কঃ বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ হাজাৰটকীয়া বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.