ETV Bharat / state

তিনিচুকীয়াত ৩৮ হাজাৰ নতুন ৰেচন কাৰ্ড বিতৰণ আৰম্ভ - PM Garib Kalyan Anna Yojana

New Ration Cards : অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসমত নতুন ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ অভিযান আৰম্ভ কৰিছে । ইয়াৰ জৰিয়তে অসমৰ নতুন ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।

PM Garib Kalyan Anna Yojana in Assam
গৰীৱ কল্যাণ অন্ন যোজনা
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:10 PM IST

গৰীৱ কল্যাণ অন্ন যোজনা

তিনিচুকীয়া, ১৬ জানুৱাৰী: চৰকাৰে দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ৰাজ্যত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত নতুনকৈ সংযোজন কৰিছে ১০ লাখ ৭৩ হাজাৰ ৪৮৯খন ৰেচন কাৰ্ড । তাৰে ভিতৰত তিনিচুকীয়া জিলাৰ পৰা সন্নিৱিষ্ট হৈছে ৩৮ হাজাৰ ২৬৯ খন নতুন ৰেচন কাৰ্ড ৷ জিলাখনৰ এই কাৰ্ডৰ জৰিয়তে ১ লাখ ৭২ হাজাৰ লোকে লাভ কৰিব সুবিধা । আজি তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা তিনিচুকীয়া বিধানসভা সমষ্টিৰ এই নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৰেচন কাৰ্ড বিতৰণৰ এই অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উপস্থিত থাকি জিলা আয়ুক্ত স্বপ্নীল পালৰ সৈতে কাৰ্ডসমূহ বিতৰণ কৰে ৷ এই অনুষ্ঠানত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭ হাজাৰ ৮৩৬ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰে । এই কাৰ্ডৰ জৰিয়তে ৩৩ হাজাৰ লোকে নতুনকৈ লাভ কৰিছে ৰেচন কাৰ্ডৰ অংশীদাৰিত্ব ৷

আনহাতে, মাকুম বনৰক্ষী বিদ্যালয়তো জিলা প্ৰশাসনৰ তৰফৰ পৰা মাকুম বিধানসভা সমষ্টিৰ ৫ হাজাৰ ৩৭০ গৰাকী লোকক ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে ৷ এই কাৰ্ডৰ জৰিয়তে ২৬ হাজাৰ ৭০৮ গৰাকী লোকে লাভ কৰিব সুবিধা । উক্ত অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ লগতে জিলা আয়ুক্তৰ উপস্থিতিতে বিতৰণ কৰে ৷ এই ৰেচন কাৰ্ডৰ জৰিয়তে মাথো ৰেচন লাভ কৰাই নহয়, ইয়াৰ জৰিয়তে আয়ুস্মান কাৰ্ড প্ৰস্তুত কৰি লাভ কৰিব পাৰিব বহুকেইটা ৰোগৰ চিকিৎসাৰ বাবে সুবিধা । উল্লেখ্য় যে এই ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী লোকে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে স্বাস্থ্য চিকিৎসাৰ বাবে অনুদান লাভ কৰিব ।

লগতে পঢ়ক:সৰুপথাৰত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.