ETV Bharat / state

Constituency delimitation : সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ বৃহত্তৰ বুঢ়ীদিহিং মৌজাত ৰাইজৰ ক্ষোভ - Constituency Delimitation 2023

মাৰ্ঘেৰিটাত নতুন সমষ্টি গঠনৰ দাবীৰে ৰাইজৰ প্ৰতিবাদী সভা । গণ সমাবেশৰ আয়োজন । জনমত গঠনৰ চেষ্টা ।

Delimitation of Constituency in Assam
Delimitation of Constituency in Assam
author img

By

Published : Jun 27, 2023, 1:15 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক্ষোভ

তিনিচুকীয়া, ২৭ জুন : দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচতেই উক্ত খচৰাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ অব্যাহত আছে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত নতুনকৈ বুঢ়ীদিহিং সমষ্টি গঠনৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে । বুঢ়ীদিহিং মৌজাৰ অধীনত থকা পঞ্চায়ত আৰু কাকপথাৰ উন্নয়ন খণ্ডক সাঙুৰি বুঢ়ীদিহিং সমষ্টি গঠনৰ দাবী জনাইছে বুঢ়ীদিহিং মৌজাৰ দল-সংগঠনৰ লগতে একাংশ ৰাইজে ।

ইতিমধ্যে ব্যাপক হাৰত জনমত গঠন কৰি জনস্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে । নতুন সমষ্টি গঠনৰ দাবীৰে ৰাইজৰ মাজত প্ৰতিবাদী সভা, গণসমাবেশৰ আয়োজন কৰি জনমত গঠনৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছে । উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ কেইবাখনো পঞ্চায়ত ইতিমধ্যে ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।

আনহাতে, ডুমডুমা সমষ্টিৰ গাভৰুভেটি গাঁও পঞ্চায়তৰ লগতে আন কেইবাখনো পঞ্চায়তো উক্ত খচৰাত ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে । উক্ত খচৰাত মাৰ্ঘেৰিটা আৰু ডিগবৈ সমষ্টিৰ মুঠ ৮ খন পঞ্চায়ত ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰাৰ পিচৰে পৰা উজনিৰ পৰা নামনিলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিছু কিছু সমষ্টিবাসীয়ে এই খচৰাক আদৰণি জনোৱাৰ লগতে আন কিছু সমষ্টিৰ লোকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, আমগুৰি আদি সমষ্টিবাসী এই ক্ষেত্ৰত ক্ষুব্ধ হৈ পৰাৰ লগতে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

একেদৰে মধ্য অসম আৰু নামনি অসমতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । আনহাতে, বিজেপিক বাহিৰে অন্য ৰাজনৈতিক দলসমূহেও এই সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক বিজেপিৰ স্বাৰ্থ পূৰণৰ বাবে কৰা বুলি তীব্ৰ প্ৰতিবাদ কৰিছে । এতিয়া পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে এই খচৰা সন্দৰ্ভত দল-সংগঠন তথা জনমতৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা; ন্যায়ালয়ত গোচৰ তৰিব আহোম জাতীয় গণমঞ্চ অসমে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.