ETV Bharat / state

ডিগবৈত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

ডিগবৈৰ এন এচ এলেকাৰ সমীপৰ এটি নলাত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটোৰ নাকেৰে তেজ ওলোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷

author img

By

Published : Apr 21, 2021, 4:12 PM IST

digboi-deadbody-recovered
ডিগবৈত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া,21 এপ্ৰিল: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈৰ এন এচ এলেকাৰ সমীপৰ এটি নলাত এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বুধবাৰে দুপৰীয়া স্থানীয় লোকে নলাত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে ৷ এই ঘটনাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ডিগবৈ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷

digboi-deadbody-recovered
ডিগবৈত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

ইফালে মৃত লোকজনৰ নাকৰ পৰা তেজ বাহিৰ হোৱা দেখি থকাৰ ফালে লক্ষ্য কৰি স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়ক: মাজুলীত 2 ঘণ্টা ধৰি এম্বুলেন্সৰ বাবে অপেক্ষা কৰিলে ক'ভিড ৰোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.