তিনিচুকীয়া,12ছেপ্তেম্বৰঃ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত, ডিগবৈ-দুলীয়াজান পথৰ কেন্দুগুৰীত শনিবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ঠিতাতে নিহত হয় নাৰায়ণ ছেত্ৰী (৬৩)নামৰ এগৰাকী ব্যক্তি। ব্যক্তিজন ঠিতাতে নিহত হোৱাক লৈ সমগ্ৰ ডিগবৈ অঞ্চলত এক শোকাকুল পৰিৱেশ সৃষ্টি হয় ৷
উল্লেখযোগ্য যে,মৃত নাৰায়ণ ছেত্ৰী অৱসৰপ্ৰাপ্ত শিক্ষক ৷ নেপালী সমাজৰ পৰম্পৰা অনুসৰি বছৰি পূৰ্বপুৰুষৰ আৰাধনাৰ উদ্দেশ্যে নিজ গৃহত পুজাৰ কৰাৰ মানসেৰে দোকানৰ পৰা পুজাৰ প্ৰয়োজন সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ পদপথৰে উভতি খোজ কাঢ়ি আহি ঘৰৰ পদুলিত সোমাবলৈ লোৱাৰ সময়তে এচাম উদণ্ড যুৱকে নম্বৰপ্লেট বিহীন মটৰচাইকেলৰে তীব্ৰ বেগত আহি,পিছ ফালৰ পৰা খুন্দা মৰাত অকস্মাতে অকাল মৃত্যুক সাবটিব লগা হয় শিক্ষক গৰাকীয়ে ৷
ইপিনে সমগ্ৰ ঘটনা স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰাৰ পিছত ডিগবৈ আৰক্ষী প্ৰশাসনক অৱগত কৰাত ডিগবৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে ঘটনা সংঘটিত কৰা উদণ্ড তিনি যুৱকক কৰায়ত্ত কৰে যদিও দুৰ্ঘটনা সংগঠিত কৰা আন এখন মটৰচাইকেলৰ আৰোহী পলায়ন কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে,তৈলনগৰী ডিগবৈত উদণ্ড বাইক চালকৰ অতপালি দিনক দিনে বৃদ্ধি হোৱাক লৈ সাধাৰণ জনতাৰ নিদ্ৰা হৰিছে। তথাপি কিন্ত আৰক্ষী প্ৰশাসনে উদণ্ড বাইক চালকৰ অতপালি ৰোধ কৰিবলৈ কোনো প্ৰকাৰৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ ক'ভিডত আক্ৰান্ত জুবিন গাৰ্গৰ পিতৃ