শদিয়া,১৯ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশমৰ্মে ইতিমধ্যে অসম আৰক্ষীয়ে লাখ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰি সেইবোৰ ধ্বংস কৰি দিছে । আনহাতে বহু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । তথাপিও একাংশ দুষ্টচক্ৰই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে ।
অৱশ্যে ৰাজ্যজুৰি আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিছে । বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতো চলিছে আৰক্ষীৰ অভিযান । এই অভিযানৰ সময়তে ধলা আৰক্ষীৰ জালত পৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler) । গোপন সূত্ৰৰ ভিত্তিত ধলা আৰক্ষীয়ে শদিয়াৰ ড° ভূপেন হাজৰিকা সেঁতুত তালাচী চলাইছিল ।
তালাচীৰ সময়তে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে আৰক্ষীয়ে As-১৯-H-০০২০ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে । সৰবৰাহকাৰী তিনিজনে বাহনখনেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা চলাইছিল ।
ধৃত সৰবৰাহকাৰী তিনিজন হৈছে কাৰ্বি আংলঙৰ ৰবি জয়ছোৱাল, মনিপুৰৰ ৰোশন্ট খেমাল আৰু শদিয়াৰ দুলু বৰুৱা । লোক কেইজনৰ পৰা আৰক্ষীয়ে ২৭ টা কন্টেইনাৰত ৩৫০ গ্ৰাম ড্ৰাগছ, ২.৫০ লাখ টকা আৰু ৬ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধলা ছৈখোৱাঘাট আৰক্ষীয়ে বৰ্তমানেও অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া