ETV Bharat / state

দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী

চৰকাৰী চাকৰিয়াল হ’লেও যেন দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে পূৱৰ আমাজন হিচাপে খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা সুৰক্ষাকৰ্মীসকলে ৷ বনকৰ্মীৰ হাতত নাই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ৷ কাণষাৰ নাই বনবিভাগৰ ৷

বনকৰ্মীৰ হাতত বন্দুক অবিহনে দিহিং পাটকাইৰ সুৰক্ষা সম্ভৱ নে ?

author img

By

Published : May 15, 2021, 7:44 PM IST

Updated : May 15, 2021, 10:02 PM IST

তিনিচুকীয়া,15 মে’: পূৱৰ আমাজন হিচাপে খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে এইসকল সুৰক্ষাকৰ্মী ৷ কিন্তু চৰকাৰী চাকৰিয়াল হ’লেও যেন দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে এই বনকৰ্মীসকলে ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে আছে চাৰিটাকৈ বন খণ্ড কাৰ্যালয় ৷ এই কাৰ্যালয় কেইটা হ’ল নগাঘাট, কঁঠালগুৰি, শুকানজুৰি আৰু দিল্লী ৷ কিন্তু ইয়াৰে অসম অৰুণাচল সীমান্তৰ কঁঠালগুৰি আৰু শুকানজুৰি খণ্ড কাৰ্যলয় কেইটাৰ অৱস্থা অতি শোচনীয় ।

দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী
দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী

কাৰ্যক্ষম আন্তঃগাঁথনিৰ অভাৱ তথা বিয়াগোম বন বিভাগৰ অৱহেলাৰ বাবেই যমৰ-যাতনা ভুগিছে এই দুয়ো স্থানত কৰ্মৰত বনকৰ্মী সকলে । তেওঁলোকৰ প্ৰধান তথা মৌলিক সমস্যটোৱেই হৈছে খোৱা পানীৰ অভাৱ । কঁঠালগুৰি খণ্ড কার্যলয়ত নিয়োজিত বনকৰ্মী সকলে দীৰ্ঘদিনৰ পৰা এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰি আহিছে ৷ কাৰ্যালয়টোৰ এটা পকীকুঁৱা আছে যদিও অ-পৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন সময়ত ভিন্ন ৰোগত বনকৰ্মী সকলে ভুগি আহিছে । খৰালি পানী তৰাং হৈ পৰা কুঁৱাটোৰ ঘোলা পানী সেৱন কৰিব লগীয়াত পৰে ।

একেদৰে শুকান জুৰি খণ্ড কাৰ্যলয়ৰ বন কৰ্মীসকলেও অৰুণাচলৰ সীমা অতিক্ৰমী নামচাং নৈৰ পৰা কঢ়িয়াব লগীয়াত পৰে খোৱা পানী । পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বনকৰ্মী সকলে অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ নাই কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ । পুৰণি এটা বন্দুক আছে যদিও সেইটোও অচল ৷ যাৰ বাবে দা আৰু লাঠিৰে কৰ্তব্য পালন কৰি গৈছে বনকৰ্মী সকলে ৷

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ৷ পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাজপাট দখল কৰা আপোনাৰ চৰকাৰে বিগত কাৰ্যকালত অসমৰ বন ভূমি সুৰক্ষিত হোৱা বুলি দাবী কৰি আহিছে ৷ কিন্তু কেতিয়াবা এইসকল বনকৰ্মীৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব নে আপোনাৰ দপ্তৰ ? নে এইদৰেই যাতনা ভুগি প্ৰাণৰ সংশয় লৈ কৰ্তব্য কৰি যাব লাগিব বনকৰ্মী সকলে !

লগতে পঢ়ক: দিহিং পাটকাইৰ কথাৰে...

Last Updated : May 15, 2021, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.