ETV Bharat / state

Coal mine worker missing : শুকানীৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেবব্ৰত শইকীয়া আৰু লুৰীণজ্যোতি গগৈ

author img

By

Published : Feb 19, 2023, 8:04 PM IST

বিগত প্ৰায় এমাহে সন্ধান নাই কয়লাখনিত কৰ্মৰত মাকুমৰ যুৱক প্ৰাঞ্জল মৰাণৰ (Pranjal Moran missing case)। সূত্ৰই দাবী কৰা মতে যুৱকজনৰ কয়লা খনিত কাম কৰি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে । কিন্তু এতিয়ালৈ আৰক্ষী তথা প্ৰশাসনে কোনো তথ্য প্ৰকাশ কৰা নাই । দেওবাৰে শ্ৰমিকজনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া আৰু লুৰীণজ্যোতি গগৈয়ে ।

Coal mine worker missing
শুকানীৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেবব্ৰত শইকীয়া আৰু লুৰীণজ্যোতি গগৈ
প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেবব্ৰত শইকীয়া আৰু লুৰীণজ্যোতি গগৈ

তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ অবৈধ কয়লাখনিত কাম কৰা প্ৰাঞ্জল মৰাণ ক'ত আছে ? সঁচাকৈয়ে মৃত্যু হৈছে নেকি মাকুমৰ শুকানী গাঁৱৰ যুৱকজনৰ ? সমগ্ৰ বিষয়টোক লৈ বিগত এটা মাহে তিনিচুকীয়া জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে (Coal mine worker goes missing)।

তাৰ মাজতে মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেওবাৰে উপস্থিত হয় বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া । শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দল আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ এটা সজাতি দল যুৱকজনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৷

বিৰোধী দলপতি দেবব্ৰত শইকীয়া প্ৰথমে উপস্থিত হৈ সন্ধানহীন হৈ থকা প্ৰাঞ্জল মৰাণৰ পত্নীৰ লগতে পৰিয়ালবৰ্গৰ সৈতে কিছু বাৰ্তালাপ কৰাৰ লগতে স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পৰাও ঘটনাৰ বুজ লয় (Debabrata Saikia at residence of Pranjal Moran)। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দেবব্ৰত শইকীয়াই কয় যে কংগ্ৰেছে বিভিন্ন সময়ত মাৰ্ঘেৰিটা, লিডুত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত থকা সন্দৰ্ভত অভিযোগ উত্থাপন কৰি আহিছে যদিও জিলা প্ৰশাসন, আৰক্ষী আৰু শাসকীয় চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

ইফালে প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ গোচৰৰ এজাহাৰত নাম থকা বি গণেশক কিয় ইমান দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ অতি শীঘ্ৰে প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে পত্নীক স্থায়ী নিযুক্তিৰ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই দেবব্ৰত শইকীয়াই (Debabrata Saikia on Pranjal Moran missing case)৷

ইফালে, কংগ্ৰেছ নেতাগৰাকীৰ পাছতে প্ৰাঞ্জল মৰাণৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi visits Pranjal Moran residence)। প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ সৈতে তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ লগতে পৰিয়ালটোৰ বৰ্তমান অৱস্থাৰ বুজ লয় । ঘটনাটো সন্দৰ্ভত আৰক্ষী তথা চৰকাৰৰ ভূমিকা সন্দৰ্ভত গগৈয়ে কয় যে প্ৰাঞ্জল মৰাণৰ সন্ধান দিব নোৱৰাটো চৰকাৰখনৰ চূড়ান্ত বিফলতা ৷

তেওঁৰ অভিযোগ চৰকাৰে ঘটনাটো গাপ দিব বিচাৰিছে ৷ এই কাৰ্যৰ পৰাই স্পষ্ট হৈছে যে মাৰ্ঘেৰিটা, লিডুৰ অবৈধ কয়লাৰ সৰবৰাহ শাসকীয় চৰকাৰখনৰ ছত্ৰছায়াতে চলি আছে । যদিহে ৰজাঘৰৰ আশীৰ্বাদ নাথাকিল হয় তেন্তে ইমানদিনে এই কাণ্ডৰ সৈতে জড়িত কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিলে হয় বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে (Coal syndicate in Assam)। লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰা মতে ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল মৰাণ (Lurinjyoti Gogoi slams Assam govt)।

আনহাতে ৪ ফেব্ৰুৱাৰীত এজাহাৰ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত কোনো স্থিতি নাই ৰজাঘৰৰ ৷ সেয়ে জিলা প্ৰশাসন আৰু শাসকীয় চৰকাৰখনে ক্ষিপ্ৰতাৰে প্ৰাঞ্জল মৰাণৰ সন্দৰ্ভত তদন্ত আগবঢ়ায় যাতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰে তাৰ বাবে তেওঁ দাবী জনায় ৷

লগতে পঢ়ক :Illegal coal mine worker death : লিডুৰ অবৈধ কয়লাখনিত মৃত্যু শ্ৰমিকৰ, গোপনে মৃতদেহৰ সৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.