ETV Bharat / state

ডুমডুমাত শোকাৱহ পথ দুৰ্ঘটনা : নিহত 2

author img

By

Published : Dec 4, 2020, 7:28 AM IST

বৃহস্পতিবাৰে ডুমডুমাৰ দৈমুখীয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুখন বাইকৰ মুখামুখি সংঘৰ্ষত দুজন থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুজন ৷ আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ ৷

doomdooma accident
ডুমডুমাত পথ দুৰ্ঘটনা

ডুমডুমা,4 ডিচেম্বৰ : তিনিচুকীয়া ডিলাৰ ডুমডুমাৰ দৈমুখীয়াত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুখন বাইকৰ মুখামুখি সংঘৰ্ষত এজন কলেজীয়া ছাত্ৰৰ সৈতে এজন লোক নিহত হয় আৰু আন দুগৰাকী আহত হয় ৷

জানিব পৰা মতে, ডুমডুমা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী এখন বাইকেৰে বাঘজান চাহ বাগিচাৰে ঘৰলৈ গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত কলেজীয়া ছাত্ৰ ৰাজু লাকড়া আৰু বিপৰীত দিশৰ পৰা অহা বাইকখনৰ চালক দৈমুখীয়া বাগিচাৰ যুৱক মহেশ গড় থিতাতে নিহত হয় ।

doomdooma accident
ডুমডুমাত পথ দুৰ্ঘটনা

আনহাতে, দুৰ্ঘটনাটোত কলেজীয়া ছাত্ৰী নিৰ্জলা লাকড়া আৰু আনখন বাইকৰ অন্য় এজন আৰোহী পিঞ্চ নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় ।

গুৰুতৰভাৱে আহত দুয়োকে প্ৰথম অৱস্থাত ডুমডুমাস্থিত এফ.আৰ.ইউ. চিকিৎসালয়লৈ নিয়া হৈছিল যদিও দুয়োকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.