তিনিচুকীয়া, 24 আগষ্ট : ডামিনীক আপুনি চিনি পাই নে ? তিনিচুকীয়াৰ ৰাইজৰ অতি আদৰৰ ডামিনী ৷ আপুনি যদি ডামিনীক লগ পাব খোজে, তেন্তে আহক এপাক তিনিচুকীয়ালৈ ৷ অ’ ৰৱ, আমি উল্লেখ কৰা এই ডামিনী পিচে কোনো যুৱতীৰ নাম নাম নহয় ৷ ডামিনী হৈছে ৰাইজৰ আশা-ভৰসাৰ স্থল ৷ ডামিনী হ’ল এখন বাছৰ নাম ৷
ৰাজপথত দৈনিক চলাচল কৰা বাছসমূহতকৈ কিছু পৃথক ডামিনী ৷ এই বাছখন মন কৰিলে এনে লাগে যেন এখন স্কুল বাছহে ৷ কিন্তু সেয়াও নহয় ! তিনিচুকীয়াৰ তালপথাৰৰ পৰা ফিল’বাৰী, তাৰ পাচত ডিব্ৰুগড় হৈ চিলাপথাৰ-জোনাইলৈকে দৈনিক অহা-যোৱা কৰে ধৰ্মেশ্বৰ দেউৰীৰ ডামিনীয়ে ।
নিৰ্দিষ্ট সময়ত যাত্ৰীসকলক গন্তব্য স্থানত পোৱাত সহায় কৰে বাছখনে । এই ডামিনী কেৱল আৰ্থিক লাভালাভৰ বাবে যাত্ৰীৰ পিচত দৌৰি থকা নাই , সময় সাপেক্ষে কৰে সমাজ সেৱাও । ডামিনীত যাত্ৰা কৰা যাত্ৰীৰ পৰা কেতিয়াবা যদি ভাড়া নলয়, তেন্তে কেতিয়াবা আকৌ মূল্যৱান গছৰ পুলি বিতৰণ কৰে যাত্ৰীসকলক । উৎসৱৰ বতৰত বাছৰ ভিতৰতে যাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰে কণীযুঁজ প্ৰতিযোগিতাও ৷
যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় সেই সকলৰ বাবে ডামিনীত যাত্ৰা হয় বিনামূলীয়া ৷ সমান্তৰালভাৱে প্ৰতি মাহৰ 23 তাৰিখে চিকিৎসাৰ কাৰণে যাত্ৰা কৰা বিভিন্ন ৰোগীসকলৰ যাত্ৰাও হয় বিনামূলীয়া ৷ লগতে প্ৰতি মাহৰ 28 তাৰিখে বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীৰ যাত্ৰা হয় সম্পূৰ্ণ বিনামূলীয়া ৷ বিগত চাৰিটা বছৰে ধৰ্মেশ্বৰ দেউৰীৰ ডামিনীয়ে এনেদৰে কৰি গৈছে সমাজ সেৱা ৷
ডামিনীত এইবাৰ সংযোজন হৈছে এক নতুন সেৱা ৷ অধ্যয়ন কৰি ভালপোৱা যাত্ৰীসকলৰ সুবিধাৰ্থে দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস দিনটোত ডামিনী সংযোজন কৰা হৈছে এটা ভ্ৰাম্যমাণ পুঁথিভড়াল ৷ দূৰণিবটীয়া যাত্ৰীসকলে যাত্ৰাৰ সময়ত আমেজ ল'ব পাৰিব ভিন ভিন কিতাপৰ ।
ডামিনী বাছখনৰ এই প্ৰসংশনীয় পদক্ষেপক প্ৰসংশাৰে উপচাই পেলাইছে এতিয়া সচেতন মহলে ৷ ইতিমধ্যে ডামিনীক কিতাপ যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে বহু সচেতন লোকে । ডামিনীৰ এই জয়যাত্ৰাক সকলোৱে জনাইছে শুভেচ্ছা ৷
লগতে পঢ়ক : Assam’s largest village: অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক