ETV Bharat / state

২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ - ২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা আটছাৰ

২২ মাৰ্চত অসমৰ সমূহ চাহ বাগান বন্ধ দিয়াৰ ঘোষণা বাতিল আটছাৰ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাক লৈ এই বন্ধৰ ঘোষণা কৰিছিল সংগঠনটোৱে ।

২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ

author img

By

Published : Mar 21, 2021, 10:15 AM IST

তিনিচুকীয়া, 21মাৰ্চ: সমাগত ২০২১ৰ নিৰ্বাচন । চমু চাপি আহিছে ২১ৰ বিধানসভাৰ নিৰ্বাচন ভোটদান প্ৰক্ৰিয়াৰ দিন । কিন্তু ইয়াৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) গটং উপ-শাখা সমিতিৰ উদ্যোগত আৰু গেলাপুখুৰী, লিম্বুগুৰি, এথেলবাৰী তথা ধেলাখাট প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধিক লৈ প্ৰতিবাদ অব্যাহত আছে ।

উল্লেখ্য যে, চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাক লৈ চাহ জনজাতি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদী তথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে শাসনাধীন চৰকাৰখনে । সেয়ে শনিবাৰে ২২ মাৰ্চত অসমৰ চাহ বাগান সমূহ বন্ধ দিয়াৰ ঘোষণা কৰে আটছায়ে ৷

উল্লেখ্য যে, প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে আটছাই ২২মাৰ্চৰ চাহ বাগিচা বন্ধৰ সিদ্ধান্ত বাতিল কৰে ৷

লগতে পঢ়ক: দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.