শদিয়া, 26 নৱেম্বৰ : এতিয়া আঘোণৰ পথাৰত সোণগুটি বুটলি খেতিয়কে সপোন ৰছাৰ সময় । বছৰটোলৈ ভাত মুঠি যোগাৰ কৰিবলৈ যি সময়ত গাঁৱৰ পুৰুষ-মহিলা সকলৰ পথাৰত ব্যস্ততা বাঢ়িছে, সেই সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৃহত্তৰ ডিৰাক অঞ্চলৰ কৃষকে ধাননী পথাৰত হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৷
কাৰণ, খৰাং বতৰ, সময়ত বৰষুণ নাই । জলসিঞ্চনৰ সুব্যৱস্থা নথকাৰ বাবে পথাৰ ৰোৱা কঠীয়া এতিয়া কঠীয়া হৈয়ে থাকি গ'ল ৷ কৃষক ৰাইজে যিধৰণে এইবাৰ ফল লাভ কৰিব বুলি ভাবিছিল সেই আশাত এতিয়া চেঁচা পানী পৰিল বুলিয়ে ক'ব পাৰি(crisis of water creating trouble for farmers) ৷ সময়মতে পানী নোপোৱাৰ(crisis of water) বাবে ধানৰ থোক বোৰৰ অধিকাংশই এতিয়া পতান হৈ পৰিছে ৷
কৃষক ৰাইজে অভিযোগ কৰা মতে, বতৰৰ আগজাননী পাই খেতিয়কে বেংকৰ পৰা ঋণ লৈ খেতি কৰিছিল ৷ ভাবিছিল প্ৰত্যেক বছৰৰ দৰে এইবাৰ বতৰ ভাল হোৱাৰ বাবে অধিক ধান উৎপাদন কৰিব পাৰিব কৃষক ৰাইজে ৷ কিন্তু সেই সপোনে বাস্তৱ ৰূপ নাপালে ৷
লগতে পঢ়ক: Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিল সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল
বছৰৰ প্ৰথম ভাগতে বতৰ কিছু পৰিমাণে ভাল হৈছিল যদিও পহিলা ভাদৰ পৰা বৰষুণ কমি অহাত পথাৰত চিঁৰাল ফাট মেলে ৷ ফলত এতিয়া আঘোণ মহীয়া পথাৰৰ পৰা ধান বোটলাৰ বিপৰীতে পতান বুটলিবলগীয়া হৈছে ডিৰাকৰ কৃষক ৰাইজে ৷ ইফালে, খেতি পথাৰত এনে দশা হোৱাত খেতি কৰাৰ বাবে ঋণ লোৱা ধন পৰিশোধ কৰিবলৈও চিন্তা কৰিবলগীয়া হৈছে কৃষক ৰাইজে ৷
উল্লেখ্যে যে, কেৱল ডিৰাকৰ অঞ্চলৰ কৃষকৰে এনে অৱস্থা নহয় সোনজান, বৰমেচাই, কঠালগুৰী, মাইঠং, লাজুম আদি অঞ্চলটো একেই অৱস্থা ৷ গতিকে, উপায়হীন কৃষক ৰাইজে ৰাজ্য চৰকাৰৰ লগতে কৃষি বিভাগক সাহাৰ্য দিবৰ বাবে দাবী জনাইছে ৷
লগতে পঢ়ক: Lumding reserve forest encroachment : দালালৰে মিতিৰালি বন বিভাগৰ