ETV Bharat / state

ক'ভিড প্ৰতিষেধকৰ অভাৱ: তিনিচুকীয়াত ৰাইজৰ ক্ষোভ - Tinsukia news

তিনিচুকীয়াৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত ক'ভিড প্ৰতিষেধক ল'বলৈ আহি প্ৰতিষেধক নোলোৱাকৈ উভতিবলগীয়া হৈছে বহু লোক ৷ সোমবাৰে পুৱতি নিশাৰ পৰা ক'ভিড প্ৰতিষেধক ল'বলৈ আহি বোন্দা পৰ দিয়া বহু লোকক পুৱা ৮ বজাতহে ক’ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে নথকাৰ কথা জানিবলৈ দিয়াত ক্ষোভ প্ৰকাশ কৰিছে উপস্থিত ৰাইজে ৷

covid-vaccine-shortage-in-tinsukia
ক'ভিড প্ৰতিষেধকৰ অভাৱ: তিনিচুকীয়াত ৰাইজৰ ক্ষোভ
author img

By

Published : May 17, 2021, 7:04 PM IST

তিনিচুকীয়া, 17মে’: সোমবাৰে পুৱতি নিশাৰ পৰা তিনিচুকীয়াৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত ক'ভিড প্ৰতিষেধক ল'বলৈ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা লোকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় । কিন্তু পুৱা ৮ বজাতহে ক’ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে নথকা বুলি প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ফলক আঁৰি দিয়া হয় । তাকে লৈ পুৱা প্ৰতিষেধক লবলৈ অহা একাংশ লোকে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷

মন কৰিবলগীয়া যে, ১৫ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলালৈ আহি সংবাদ মাধ্যমৰ আগত তিনিচুকীয়া জিলাত ক'ভিড প্ৰতিষেধক‌ পৰ্যাপ্ত পৰিমাণে সংৰক্ষণ আছে আৰু এসপ্তাহত ২৫ হাজাৰ ক'ভিড প্ৰতিষেধক দিব পৰা ক্ষমতা থকাৰ কথা উল্লেখ কৰিছিল ।

ক'ভিড প্ৰতিষেধকৰ অভাৱ: তিনিচুকীয়াত ৰাইজৰ ক্ষোভ

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইয়ো বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত ক’ভিড প্ৰতিষেধক‌ অসমত পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ কথা কৈ আহিছে । কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবি দেখা গ'ল তিনিচুকীয়া যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত । যাৰ বাবে ক'ভিড প্ৰতিষেধক নাপাই এতিয়া হতাশাত ভুগিছে একাংশ তিনিচুকীয়াবাসী ৰাইজে ।
লগতে পঢ়ক: গ্ৰীষ্মৰ আগমনত ৰঙীণ সাজেৰে সাজিছে প্ৰকৃতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.