ETV Bharat / state

তিনিচুকীয়াত ক’ভিডক লৈ সজাগতা ৰতনীপথাৰ যুৱক সংঘৰ - ৰতনীপথাৰ যুৱক সংঘৰ ক’ভিড নিৰ্দেশনা

অসম-অৰুণাচল সীমান্তৱৰ্তী বুঢ়ীদিহিং মৌজাৰ 1 নং ৰতনীপথাৰ যুৱক সংঘৰ সিদ্ধান্তমৰ্মে গাঁওখনত ক’ভিড প্ৰট’কল জাৰি ৷ বৃহস্পতিবাৰৰ পৰা অনিদিষ্টকাললৈ বলৱৎ কৰা হৈছে এই নিৰ্দেশনা ৷

covid-awareness-program-at-tinsukia
ক’ভিডক লৈ সজাগতা ৰতনীপথাৰ যুৱক সংঘৰ
author img

By

Published : May 21, 2021, 2:33 PM IST

তিনিচুকীয়া, 21 মে’ : গ্ৰামাঞ্চলত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ অসম-অৰুণাচল সীমান্তৱৰ্তী এখন গাঁৱৰ যুৱক সংঘই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত বুঢ়ীদিহিং মৌজাৰ 1 নং ৰতনীপথাৰ যুৱক সংঘৰ সিদ্ধান্তমৰ্মে গাঁওখনত বৃহস্পতিবাৰৰ পৰা অনিদিষ্টকাললৈ বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে ক’ভিড প্ৰট’কল ৷

ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা নিৰ্দেশনাসমূহ গাঁওবাসীয়ে মানি চলাৰ বাধ্য-বাধকতাৰ এক নিয়মাৱলী গ্ৰহণ কৰিছে যুৱক সংঘটোৱে ৷ শিশুসকলে ঘৰৰ চৌহদৰ পৰা যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ বাবে অভিভাৱকসকলক সতৰ্ক দৃষ্টি নিক্ষেপ কৰিবলৈ, গাঁৱত আয়োজন কৰা বিবাহ পৰ্ব, সকাম-নিকাম আদি চৰকাৰৰ নিৰ্দেশনা অনুসাৰে অনুষ্ঠিত কৰিব নোৱাৰিলে অনিদিষ্ট কাললৈ স্থগিত ৰখা, গাঁৱৰ যিকোনো ব্যক্তিয়ে বহিঃঅঞ্চললৈ জৰুৰী কাম নাথাকিলে ওলাই যোৱাতো বন্ধ কৰা হৈছে ৷

covid-awareness-program-at-tinsukia
ক’ভিডক লৈ সজাগতা ৰতনীপথাৰ যুৱক সংঘৰ

আনহাতে, গাঁওখনলৈ বহিঃঅঞ্চলৰ পৰা অহা যিকোনো ব্যক্তিয়ে অকাৰণত গাঁৱৰ কোনো ঘৰত অতিথিৰূপে আশ্ৰয় গ্ৰহণ নকৰা, গাঁৱৰ ৰাস্তা-ঘাট, ৰাজহুৱাস্থলী আদিত দুই তিনি গৰাকীতকৈ অধিক লোকৰ সমাগম বন্ধ ৰখা আদি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংঘই ৷

গাঁওখনৰ যুৱক সংঘই লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী হোৱাকৈ গাঁওখনত সোমাব পৰা সকলো প্ৰৱেশদ্বাৰ, ৰাজহুৱা স্থান, দোকান-পোহাৰ আদিত নিয়মাৱলীসমূহৰ ফলক আঁ‌ৰি দিয়া হৈছে । সম্প্ৰতি ক’ভিড মহামাৰীৰ সংক্ৰমণৰ জটিল পৰিস্থিতিৰ পৰা গাঁওবাসীক আঁতৰত ৰখাৰ উদেশ্যেৰে যুৱক সংঘটোৱে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰশংসা কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : সান্ধ্য আইনত স্তব্ধ চৌদিশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.