ETV Bharat / state

তিনিচুকীয়া পৌৰসভাত দুৰ্নীতিঃ গুৰুতৰ অভিযোগ

author img

By

Published : Jul 28, 2020, 10:47 PM IST

কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসে কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰৰ কাৰণে ১৫ হাজাৰ টকা লৈছিল আৰু মন্তব্য কৰিছিল কৰ’ণাৰ নামত কোনো টকা নাই,কিন্তু কৰ’ণাৰ সন্ত্ৰাসৰ সময়ত ঠিকাদাৰৰ পৰা ৱৰ্ক অৰ্ডাৰৰ নামত ১০ হাজাৰকৈ টকা প্ৰতিজন ঠিকাদাৰৰ পৰা মুঠ ধনৰ ১% ধনৰ লগতে ফৰ্টিন ফাইনেন্সৰ পৰা অহা ধন সমূহ ক’ত খৰচ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযানৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ প্ৰতিটো কামৰ নিবিদা হোৱাৰ পূৰ্বেই ভিতৰি বুজাবুজি কৰি ঠিকাদাৰক ঠিকা প্ৰদান কৰাৰ অভিযোগ সংগঠনটোৰ ৷

Corruption in Tinsukia Municipality
তিনিচুকীয়া পৌৰসভাৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান

তিনিচুকীয়া,28 জুলাইঃ তিনিচুকীয়া পৌৰসভাৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযান ৷ আজি এক সংবাদমেল যোগে শূন্য সহনশীলতাৰ উদ্দেশ্যৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনতে তিনিচুকীয়া পৌৰসভাত দুৰ্নীতিপৰায়ণ লোকে ক্ষমতাশালী লোকৰ সৈতে লগ লাগি বৃহৎ দুৰ্নীতিৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰিছে জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযানৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

সমিতিৰ অভিযোগ,লক ডাউনৰ সময়ত দৰিদ্ৰৰ সাহাৰ্যৰ কাৰণে ৩ লাখ ৩২ হাজাৰ কিলোগ্ৰাম চাউল আহিছিল,কিন্তু বিতৰণ কৰোতে কোনো ওজন নকৰাকৈ মগেৰে প্ৰদান কৰি ২০% চাউল কৰ্তন কৰিলে,অৰ্থাৎ ৬৬ হাজাৰ কিলোগ্ৰাম চাউল সৰকাই বৃহৎ দুৰ্নীতিত লিপ্ত হৈছে ৷

ইয়াৰ উপৰি কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসে কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰৰ কাৰণে ১৫ হাজাৰ টকা লৈছিল আৰু মন্তব্য কৰিছিল কৰ’ণাৰ নামত কোনো টকা নাই, কিন্তু কৰ’ণাৰ সন্ত্ৰাসৰ সময়ত ঠিকাদাৰৰ পৰা ৱৰ্ক অৰ্ডাৰৰ নামত ১০ হাজাৰকৈ টকা প্ৰতিজন ঠিকাদাৰৰ পৰা মুঠ ধনৰ ১% ধনৰ লগতে ফৰ্টিন ফাইনেন্সৰ পৰা অহা ধন সমূহ ক’ত খৰচ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ অভিযানৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ প্ৰতিটো কামৰ নিবিদা হোৱাৰ পূৰ্বেই ভিতৰি বুজাবুজি কৰি ঠিকাদাৰক ঠিকা প্ৰদান কৰাৰ অভিযোগ সংগঠনটোৰ ৷

ইপিনে,পৌৰসভাৰ সভানেত্ৰী আৰু উপ-সভাপতিৰ সুকীয়াকৈ গাড়ী থকাৰ পাছতো প্ৰতি মাহে ৪০ হাজাৰকৈ জনতাৰ টকা অযথা খৰছ কৰি বিলাসী গাড়ী ভাড়া লৈ থকাৰ অভিযোগ তুলি এই বিলাসী গাড়ীৰ ধন ক'ৰ পৰা আহে বুলিও সংবাদমোল যোগে প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে ৷

আনহাতে,এই সকলো দুৰ্নীতিৰ বিৰুদ্ধে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চপাৰ কথা অৱগত কৰে সংগঠনটোৰ সভাপতি জয়ন্ত সেন গুপ্তাই ৷

লগতে পঢ়কঃবিজেপিৰ নেতৃত্বত সংঘাত: অপসাৰিত স্বাস্থ্যমন্ত্ৰীৰ ঘনিষ্ঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.