ETV Bharat / state

Congress press meet: গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰাৰ আহ্বানে কংগ্ৰেছৰ সংবাদমেল

author img

By

Published : Mar 31, 2023, 10:26 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু গৌতম আদানীৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি সংবাদমেল সম্বোধন প্ৰদেশ কংগ্ৰেছৰ ৷ আদানীৰ প্ৰতিষ্ঠানত 20 হাজাৰ কোটি টকা কোনে বিনিয়োগ কৰিলে বুলি প্ৰশ্ন কংগ্ৰেছৰ ৷ ৰাহুল গান্ধীয়ে ৰাইজৰ হৈ মাত মাতি যাব বুলিও মন্তব্য কংগ্ৰেছ নেতৃত্বৰ (Rahul Gandhi disqualified from parliament) ৷

Congress press meet
গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰাৰ আহ্বানে কংগ্ৰেছৰ সংবাদমেল

তিনিচুকীয়া, 31 মাৰ্চ: কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি প্ৰতিখন জিলাৰ ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে সংবাদমেল ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা, আদানীৰ বিত্তীয় কেলেংকাৰী আদিৰ প্ৰসংগৰে সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছে (Adani stock scam) ৷

তিনিচুকীয়াতো সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছৰ নেতৃত্ব ৷ সংবাদমেলত আদানীৰ কোম্পানীত বিনিয়োগ হোৱা 20 হাজাৰ কোটি কাৰ ধন ? কোনে বিনিয়োগ কৰিলে এই বৃহৎ অংকৰ ধন ? প্ৰধানমন্ত্ৰীৰ সৈতে আদানীৰ সম্পৰ্ক কি ইত্যাদি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে (Congress press meet over Adani issue) ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পোনপটীয়া আৰু সহজ প্ৰশ্নৰ পৰা ফালৰি কাটি কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সুৰক্ষা দিবলৈকে এখন নাটক ৰচনা কৰা হ’ল বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । সংবাদমেলত কংগ্ৰেছে অভিযোগ উত্থাপন কৰি কয়, ‘‘সম্পূর্ণ তথ্য সহকাৰে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত আদানীৰ প্ৰশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল ৷ তাতেই ভয়ত কম্পমান হৈ উঠিল দেশৰ প্ৰধানমন্ত্ৰী ৷ থৰকাচুতি হেৰুৱালে বিজেপি চৰকাৰে ৷ দেশৰ সাধাৰণ জনতাৰ হৈ মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি চৰকাৰে আৰম্ভ কৰিলে নির্লজ্জ ৰাজনীতি, নিকৃষ্ট ষড়যন্ত্ৰ (Rahul Gandhi disqualified from parliament) ৷’’

আদানীৰ সৈতে থকা গোপন সম্পৰ্কৰ কথা ৰাইজৰ আগত উন্মোচিত হোৱাটো প্ৰধানমন্ত্ৰী মোডীয়ে বিচৰা নাই বুলিও সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছৰ নেতৃত্বই ৷ ইফালে, ৰাহুল গান্ধীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে তেওঁৰ সাংসদ পদ খাৰিজ হোৱা বা তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকিলৈ তেওঁ ভয় নকৰে ৷ তেওঁ সত্যৰ পক্ষত যুঁজ দিছে, দেশবাসীৰ বাবে আপোচবিহীনভাৱে সংগ্ৰামৰ পথত ভৰি দিছে আৰু সেয়া চলাই যাব ।’’

অসম প্ৰদেশ কংগ্ৰেছেও ৰাহুল গান্ধীৰ প্ৰতি পূর্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব আৰু গণতন্ত্ৰৰ শ্মশানযাত্ৰা উলিওৱা, ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি একনায়কত্ববাদী শাসনৰ পাতনি মেলা বিজেপি চৰকাৰক শাসনৰ পৰা উৎখাত কৰি ৰাইজক সুশাসন দিবলৈ কংগ্ৰেছ সংকল্পবদ্ধ হৈছে বুলিও উল্লেখ কৰে সংবাদমেলত (Congress slams BJP) ৷

লগতে পঢ়ক: Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.