ETV Bharat / state

বাঘজান তৈলখাদৰ বিস্ফোৰণঃ আশ্ৰয় শিবিৰত কংগ্ৰেছৰ সঁজাতি দল - ৰকিবুল হুছেইন

শিবিৰত থকা লোকসকলৰ খবৰ লোৱাৰ লগতে মাস্ক,খাদ্য সামগ্ৰী বিতৰণ । ইপিনে আশ্ৰয় শিবিৰত ক্ষতিগ্ৰস্ত লোকসকলক কষ্টত ৰখা বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ।

বাঘজান তৈলখাদৰ বিস্ফোৰণ
বাঘজান তৈলখাদৰ বিস্ফোৰণ
author img

By

Published : Jun 2, 2020, 8:35 PM IST

তিনিচুকীয়া, 2 জুনঃ ২৭ মে'ৰ পৰা তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়াৰ "BGR-5" নম্বৰ তৈলখাদৰ সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত কাৰ্য আজি সপ্তম দিনলৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষ । বিস্ফোৰিত তৈলখাদৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত মঙলবাৰে কংগ্ৰেছৰ এটা সঁজাতি দল উপস্থিত হৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ খবৰ লয় ।

বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন মন্ত্ৰী প্ৰনতি ফুকন,বিধায়ক দুৰ্গা ভূমিজ,প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোঁহাইৰ লগতে কংগ্ৰেছ দলৰ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে আৰু আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰা লোকসকলৰ খবৰ লোৱাৰ লগতে মাস্ক আৰু কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ।

আশ্ৰয় শিবিৰত থকা লোকসকলৰ কাষত কংগ্ৰেছৰ সঁজাতি দল

কৰ'ণা মহামাৰীৰ এই সময়ত সামাজিক দুৰত্বৰ কথা কোৱা চৰকাৰে আশ্ৰয় শিবিৰত ক্ষতিগ্ৰস্ত লোকসকলক কষ্টত ৰখা বুলি অভিযোগ কৰি ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । আনহাতে,সোমবাৰে বাঘজান অঞ্চল পৰিদৰ্শন কৰি মতাপুং-মাগুৰি বিলৰ শিহু তথা মাছ-কাছ মৃত্যুৰ কাৰণ সম্পৰ্কে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ।

লগতে চাওকঃ বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.