ETV Bharat / state

Conditions of Veterinary hospital in Assam:অসমত কদৰ্য ৰূপত চলি আছে পশু চিকিৎসালয় - Veterinary hospital in tinsukia

তিনিচুকীয়াত পশুপালন আৰু চিকিৎসা বিভাগৰ পয়ালগা অৱস্থা ৷ দিনৰ ১২ বজালৈ হাপজান খণ্ড উন্নয়ন পশু চিকিৎসালয়ত উপস্থিত নাথাকে কোনো চিকিৎসক ৷

Conditions of Veterinary hospital in Assam
অতিকে পয়ালগা অৱস্থাত পশু চিকিৎসালয়
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:05 PM IST

অতিকে পয়ালগা অৱস্থাত পশু চিকিৎসালয়

তিনিচুকীয়া, 11 ছেপ্টেম্বৰ : তিনিচুকীয়াত পশুপালন আৰু চিকিৎসা বিভাগৰ প্ৰকৃত স্বৰূপ দেখিলে ভাবিবলৈ বাধ্য হ’ব আপোনালোক ৷ কিদৰে চলিছে হাপজান খণ্ড উন্নয়ন পশু চিকিৎসালয় ! অতিকে পয়ালগা অৱস্থাত কেৱল মাত্ৰ নামত চলি আছে হাপজান খণ্ড উন্নয়ন পশু চিকিৎসালয় ৷ দিনৰ ১২ বজালৈ হাপজান খণ্ড উন্নয়ন পশু চিকিৎসালয়ত উপস্থিত নাথাকে কোনো চিকিৎসক ৷

এক বৃহৎ অঞ্চলক সাঙুৰি স্থাপন কৰা এই পশু চিকিৎসালয়খনত স্থানীয় ৰাইজে পশু চিকিৎসাৰ বাবে গ’লেও লাভ নকৰে কোনো ধৰণৰ চিকিৎসা ৷ সোমবাৰে কেইবাগৰাকীও স্থানীয় ৰাইজে পুৱাৰে পৰা নিজৰ পোহনীয়া পশুৰ চিকিৎসা কৰিবলৈ আহি চিকিৎসালয়খনত উপস্থিত হয় ৷ কিন্তু আচৰিত কথা যে এগৰাকীও চিকিৎসক দিনৰ ১২ বজালৈ উপস্থিত নহয় নিজৰ দায়িত্ব পালনৰ বাবে ৷ চিকিৎসকৰ এনে কাণ্ডজ্ঞানহীন ব্যৱহাৰত সৰৱ হৈ পৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে স্থানীয় ৰাইজ ৷

শাসনত থকা চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে দেখিবলৈ পোৱা এনেধৰণৰ প্ৰকৃত ছবিয়ে ভবাই তুলিছে সকলোকে ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে চৰকাৰ তথা জিলা প্ৰশাসনলৈ দাবী জনায় যে এনেদৰে পশু চিকিৎসালয় চলাই থকাতকৈ চিকিৎসালয় বন্ধ কৰি দিয়াই শ্ৰেয় ৷ কিয়নো চিকিৎসালয়খনত উপস্থিত থকা চতুৰ্থবৰ্গৰ কৰ্মচাৰী দুগৰাকীয়ে ল’ব নোৱাৰে কোনো ব্যৱস্থা ৷

ইফালে, চিকিৎসালয়খনৰ ভৱনটোৰো পুতৌলগা অৱস্থা ৷ ভৱনটোৰ কৰবাত যদি চিলিং এৰাই গৈছে, কৰবাত এৰাই গৈছে টিনপাত ৷ মুঠতে অতিকে পুতৌজনক ৰূপত এইখন পশু চিকিৎসালয় চলি আছে ৷

লগতে পঢ়ক : Veterinary hospital in Gohpur:গহপুৰত পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা

Nalbari veterinary hospital: ঘন জংঘলে আৱৰি জহি-খহি গ’ল নলবাৰীৰ এখন পশু চিকিৎসালয়

Veterinary Hospital in Jonai:এৰাবাৰীত পৰিণত এখন পশু চিকিৎসালয়

Barsala Sub-Veterinary Centre: বৰছলাৰ উপ-পশু চিকিৎসা কেন্দ্ৰত ৫ বছৰে নাই চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.