ETV Bharat / state

ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে - মুখ্যমন্ত্ৰী

সোমবাৰে ডুমডুমা বিধানসভা সমষ্টিত ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

cm-sarbananda-sonowal-election-campaign
মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 15, 2021, 8:43 PM IST

শদিয়া,15 মাৰ্চ: তিনিচুকীয়াৰ 125 নং ডুমডুমা বিধানসভা সমষ্টিত সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ডুমডুমা সমষ্টিৰ কাকপথাৰ চেলেংগুৰী ডুমকাৰ লাইন খেলপথাৰত ৰূপেশ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, কংগ্ৰেছ চৰকাৰে অসম ৰাইজৰ বিভিন্ন আঁচনি সমূহত দুৰ্নীতি কৰি আহিছিল ৷ কিন্তু 2016 চনৰ পৰা বিজেপি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অসমৰ ৰাইজৰ উন্নয়ন কৰিছে ৷ ইয়াৰ লগতে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, কংগ্ৰেছ ত্যাগী তথা বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাই ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজক সমালোচনা কৰি কংগ্ৰেছ চৰকাৰে অসমৰ ৰাইজৰ বিভিন্ন আঁচনিসমূহত দুৰ্নীতি সংঘটিত কৰিছিল বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : পদ্ম হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.