ETV Bharat / state

দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - ডিগবৈ টিংৰাই বজাৰ

তিনিচুকীয়াত ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰসংগ উল্লেখ কৰি জিলাখনৰ ক'ভিড মহামাৰীৰ ভয়াৱহতা নিয়ন্ত্ৰণ কৰিবলৈ জিলা উপায়ুক্তক দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে ২ বজাৰ যি সান্ধ্য আইন, সেই সান্ধ্য আইন ১২ বজাৰ পৰাই জাৰি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে উপায়ুক্তগৰাকীক ।

দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : May 15, 2021, 5:11 PM IST

তিনিচুকীয়া,15মে’: শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অসমৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হয় তিনিচুকীয়া জিলাত । পোন প্ৰথমে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় শুকুৰবাৰে বোমা বিস্ফোৰণ হোৱা ডিগবৈ টিংৰাই বজাৰত । টংৰাইত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাত মৃত্যু হোৱা দুগৰাকী মৃতকৰ পৰিয়ালৰ ভিতৰত সুৰজিত তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সান্তনা দিয়ে ৷ লগতে দুই মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তাৰ পিছতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ক'ভিড চেণ্টাৰ সমূহ পৰ্যবেক্ষণ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি উপায়ুক্তৰ লগত সাম্প্রতিক ক'ভিড পৰিস্থিতি সৰ্ন্দভত আলোচনাতা মিলিত হয় । আলোচনাত মিলিত হোৱাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তিনিচুকীয়াত ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাক লৈ তিনিচুকীয়া জিলা খন ক'ভিড মহামাৰীৰ ভয়াৱহতা নিয়ন্ত্ৰণ কৰিবলৈ জিলা উপায়ুক্তক দায়িত্ব প্ৰদান কৰিছে ৷ লগতে ২ বজাৰ যি সান্ধ্য আইন সেই সান্ধ্য আইন এতিয়াৰে পৰা ১২ বজাৰ পৰাই জাৰি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে উপায়ুক্তক ।একেদৰে ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে 500 RTPCR টেষ্ট কৰিবলৈ জিলা প্ৰশাসনক পৰামৰ্শ প্ৰদান কৰে । লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত যি ১৫ খন ICU বিচনা আছে তাক ২০ খনলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত এটা অক্সিজেন জেনেৰেচন ইউনিত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে তিনিচুকীয়া জিলাৰ যি সমূহ চাহ বাগিচাত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে শ্ৰমিক সকলক আৰ্থিক সমস্যাৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা অৱগত কৰে ।

আনহাতে আলফাৰ ওপৰত আন এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ONGC ৰ অপহিত বিষয়া ৰিতুল শইকীয়াৰ ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁ বৰ্তমান ম্যানমাৰত আছে । তেওঁৰ মুক্তিৰ বাবে বিভিন্ন পৰ্যায়ত কথা-বাৰ্তা চলি আছে ৷

একেদৰে ক'ভিড ভেকচিনৰ অভাৱ গোটেই বিশ্বতে হৈছে যদিও অসমৰ তিনিচুকীয়া জিলাত পৰ্যাপ্ত পৰিমাণে ভেকচিন সংৰক্ষণ আছে । লগতে এসপ্তাহত ২৫ হাজাৰ ক'ভিড ভেকচিন দিব পৰা ক্ষমতা আছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়কঃ ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.