ETV Bharat / state

কাকপথাৰত তুংগত উঠিছে আছু আৰু বিজেপিৰ সংঘাত

author img

By

Published : Oct 8, 2020, 2:33 PM IST

ছচিয়েল মিডিয়াৰ এটা কমেন্টক লৈ কাকপথাৰত তুংগত উঠিছে আছু বিজেপিৰ মাজৰ সংঘাত ৷ আৰক্ষীৰ কাষ চাপিছে দুই পক্ষ ৷ দুই পক্ষৰে আৰক্ষীক এজাহাৰ দাখিল ৷

কাকপথাৰত তুংগত উঠিছে আছু আৰু বিজেপিৰ সংঘাত
কাকপথাৰত তুংগত উঠিছে আছু আৰু বিজেপিৰ সংঘাত

শদিয়া, 8 অক্টোবৰ: ছচিয়েল মিডিয়াৰ এটা কমেন্টক কেন্দ্ৰ কৰি তুংগত উঠিছে আছু আৰু বিজেপিৰ মাজৰ সংঘাত ৷ ইতিমধ্যে আৰক্ষীৰ কাষ চাপি দুয়োপক্ষই একোখনকৈ এজাহাৰ দাখিল কৰিছে ৷ অভিযোগ অনুসৰি সামাজিক মাধ্যম ফেচবুকত বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে এজন যুৱকে কৰা মন্তব্যৰ পাছতে দুই পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ জানিব পৰা মতে ফেচবুকত ৰেব মৰান নামৰ এজন বিজেপি নেতাই বিধায়ক বলিন চেতিয়াৰ কামক লৈ সামাজিক মাধ্যম যোগে বিভিন্ন লোকৰ মতামত বিচাৰিছিল ৷ সেই অনুসৰি দিগন্ত সন্দিকৈ নামৰ এজন যুৱকে উক্ত পোষ্টটোত বিধায়ক গৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি নিজৰ মন্তব্য দিয়ে ৷ যুৱক জন এগৰাকী আছু কৰ্মী বুলি জানিব পৰা গৈছে ৷ যুৱকজনে এই মন্তব্য প্ৰকাশ কৰাৰ পাছতে বিজেপি কাকপথাৰ মণ্ডলে আছুৰ কৰ্মকতাজনৰ ওপৰত কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

অভিযোগ অনুসৰি এজাহাৰ দাখিল কৰাৰ পাছতে বিধায়ক বলিন চেতিয়াৰ যোগেদি যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰা বুলি গম পোৱাৰ পাছত আছুৰ তিনিচুকীয়া জিলা আৰু কাকপথাৰ আঞ্চলিক সমিতি জাঙুৰ খাই উঠে ৷ আছুৰ কৰ্মকতা জনক আৰক্ষীয়ে আটক কৰিলেই কাকপথাৰৰ লগতে সমগ্ৰ অসমতেই আছুৱে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিছে ৷ ইফালে ৰেব মৰাণে যুৱক জনৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰাৰ বিপৰীতে আছুৰ কৰ্মকতাজনক ঘৰলৈ গৈ প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ বাবে বিজেপিৰ ৰেব মৰাণ নামৰ যুৱকজনৰ ওপৰত বিপৰীত পক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ দুয়োপক্ষৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহন কৰে সেইয়া সময়ত লক্ষণীয় হ'ব ৷
লগতে পঢ়ক: চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.