তিনিচুকীয়া, 6 নৱেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাইজৰ দলৰ বিধায়ক তথা বিৰোধী ঐক্যমঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈ ৷ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিচন বসুন্ধৰাক লৈ যেনেদৰে হুলস্থূল কৰিছিল তেনেদৰে একো হোৱা নাই বুলি উল্লেখ কৰি মিচন বসুন্ধৰাৰ অধীনত কোনো বিধায়কৰ পুত্ৰই 10 বিঘাকৈ মাটি কুক্ষিগত কৰিবলৈ সক্ষম হৈছে বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় ৷ ইয়াৰোপৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মিছন বসুন্ধৰা 1 আৰু 2 য়ে অসমৰ খিলঞ্জীয়া মানুহক কোনো উপকৃত কৰা নাই বুলি সদৰী কৰে ৷
![Loksabha election 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-11-2023/a-801to805-akhil-gogoi-political-reaction-as10052_06112023090405_0611f_1699241645_862.jpg)
আনহাতে, সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰি I.N.D.I.A. ৰ মুখ্য মুখ্যপাত্ৰগৰাকীয়ে বিৰোধী ঐক্যমঞ্চই বিজেপিক পৰাভূত কৰাটোৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট বুদ্ধিমান বুলি উল্লেখ কৰি এইবাৰ বিজেপিৰ চক্ৰত বিৰোধী পক্ষই কোনোপধ্যেই ভৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰোপৰি, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাতে ৰাজ্যত কয়লাৰ চিণ্ডিকেট অব্যাহত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় গগৈয়ে ৷
আনহাতে, বিৰোধী শিবিৰে অসমৰ দুটাকৈ ব্যক্তিগতখণ্ডৰ সংবাদমাধ্যমক বৰ্জন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেৱল বিৰোধী বুলিয়েই নহয় ৰাইজেও ইয়াক বৰ্জন কৰিছে বুলি কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ উক্ত চেনেল দুটাত হিমন্ত বিশ্ব শৰ্মাক ভগৱান, বিজেপিক ভগৱানৰ দৰে দেখুওৱা হয় ৷ উক্ত চেনেল দুটাই মাথো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি থাকে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
লগতে পঢ়ক: Hamas israel war: আকাশ মাৰ্গেৰে গাজাৰ শৰণাৰ্থী শিবিৰত অব্যাহত ইজৰাইলৰ আক্ৰমণ