ETV Bharat / state

প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰুদ্ধে প্ৰতিবাদ চাবুৱাৰ চাহ শ্ৰমিকৰ - ৰাজু চাহু

15 টা বছৰে চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰি বিধায়ক হৈ থকা চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ অবৈধ সম্পত্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতেই তেখেতৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাহ শ্ৰমিকসকল ৷ সোমবাৰে বিধায়কগৰাকীৰ বিৰুদ্ধে চাবুৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে ৷

Chabua tea workers protest against ex MLA Raju Sahu
প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰুদ্ধে প্ৰতিবাদ চাবুৱাৰ চাহ শ্ৰমিকৰ
author img

By

Published : Sep 14, 2020, 7:40 PM IST

তিনিচুকীয়া,14 ছেপ্তেম্বৰঃ চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাহ শ্ৰমিক সকল ৷ 15 টা বছৰে চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰি বিধায়কগৰাকীয়ে সম্পতিৰ পাহাৰ গঢ়াৰ তথ্য পোহৰলৈ অহাৰ পিছতেই বিধায়ৰগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে চাহ শ্ৰমিক সকল ৷ সোমবাৰে চবুৱাত চাহ শ্ৰমিক সকলে তেখেতৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকসকলৰ অভিযোগ তিনিটা কাৰ্যকাল নিৰ্বাচন নকৰাকৈ অবৈধভাৱে অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদকৰ পদ দখল কৰি আছে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ আনহাতে,তেখেতে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোনো লোকে মাত মাতিলে সেই ব্যক্তিজনক থানাত গোচৰ দিয়াৰ ভয় দেখুৱাবলৈ চেষ্টা কৰে বিধায়ক চাহুৱে ৷

প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ বিৰুদ্ধে প্ৰতিবাদ চাবুৱাৰ চাহ শ্ৰমিকৰ

উল্লেখ্য যে,শেহতীয়াকৈ ৰাজু চাহুৱে চাবুৱাৰ সাংবাদিক বিশ্বজিত ফুকনৰ ওপৰত ভুৱা গোচৰ জাপি দিয়াৰ উপৰিও সংবাদমাধ্যমৰ ওপৰত আক্ৰমণ চলোৱাৰ ঘটনাই চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সোমবাৰে প্ৰতিবাদস্থলীৰ পৰাই প্ৰাক্তন বিধায়ক গৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰি তেখেতৰ সকলো অবৈধ সম্পত্তি উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় চাহ শ্ৰমিকৰ লগতে মটক যুৱ ছাত্ৰ সন্মিলনীয়ে ৷

লগতে পঢ়ক-কেনে অৱস্থাত আছে দেশৰ প্ৰথমখন চিৰিয়াখানা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.