ETV Bharat / state

ডুমডুমা মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা - অসম দুহিতা সুধালতা দুৱৰা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াৰ উপস্থিতিত ডুমডুমা মহাবিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপিকা ড৹ মন্দিৰা দাসে অনুবাদ কৰা 'অসম দুহিতা সুধালতা দুৱৰা' উন্মোচন কৰা হয় ৷

ডুমডুমা মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

author img

By

Published : Jan 26, 2021, 8:25 AM IST

ডুমডুমা, 26 জানুৱাৰী: ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত সোমবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াৰ উপস্থিতিত 'অসম দুহিতা সুধালতা দুৱৰা' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় । অধ্যক্ষ ড° প্ৰকাশ জ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত মহাবিদ্যালয়খনৰ বাংলা বিভাগৰ অধ্যাপিকা ড৹ মন্দিৰা দাসে অনুবাদ কৰা দিনেশ চন্দ্ৰ সেনৰ গ্ৰন্থ 'অসম দুহিতা সুধালতা দুৱৰা' উন্মোচন কৰে ৷

ইয়াৰ লগতে মহাবিদ্যালয়ৰ আলোচনী 'ঐক্যদ্বীপ' আৰু অসম বিজ্ঞান লেখক সংস্থাৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ৬ খন গ্ৰন্থও এই সভাখনতে উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়-তিনিচুকীয়া আদিৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি তথা প্ৰাক্তন অধ্যক্ষসকলৰ উপৰিও স্থানীয় বহু গণ্যমাণ্য লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক: ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.