ETV Bharat / state

শিক্ষাৰ্থীক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গ্ৰন্থমেলাৰ আয়োজন - তিনিচুকীয়াৰ ছটা হাপজান

তিনিচুকীয়াৰ ছটা হাপজান 23 নং লাইন প্ৰাথমিক বিদ্যালয়ত, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ঘনদ্বীপ বৰুৱাৰ নেতৃত্বত তথা বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে আয়োজন কৰে এখনি গ্ৰন্থমেলা ৷

Book fair in tinsukia
তিনিচুকীয়াৰ এখনি প্ৰৰ্থমিক বিদ্যালয়ত আয়োজন কৰে গ্ৰন্থমেলাৰ
author img

By

Published : Feb 7, 2021, 7:08 AM IST

তিনিচুকীয়া, 7 ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ ছটা হাপজান 23 নং লাইন প্ৰাথমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈ যায় এখনি গ্ৰন্থ মেলা ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক ঘনদ্বীপ বৰুৱাৰ নেতৃত্বত তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়ত আয়োজন কৰা হয় গ্ৰন্থমেলাৰ ৷

হাপজান খণ্ডৰ অন্তৰ্গত প্ৰায় 15 খন বিদ্যালয়ৰ এহেজাৰৰো অধিক কণ কণ শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে এই গ্ৰন্থ মেলাত ৷ আনকি গ্ৰন্থ মেলাত অংশগ্ৰহন কৰাৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ সাঁচতীয়া ধনেৰে গ্ৰন্থ ক্ৰয় কৰাও পৰিলক্ষিত হয় ৷

শিক্ষাৰ্থীক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গ্ৰন্থমেলাৰ আয়োজন

ছাত্ৰ-ছাত্ৰী সকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰাথমিক বিদ্যালয়খনত অনুষ্ঠিত কৰা হয় এই গ্ৰন্থ মেলাৰ ৷ মোবাইল আৰু বিজ্ঞান প্ৰযুক্তিৰ যুগত পাহৰনিৰ গৰ্ভত যাবলৈ ধৰিছে কিতাপ পঢ়াৰ অভ্যাস ৷ কণ কণ শিক্ষাৰ্থীৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ জাগ্ৰত কৰাৰ উদ্দেশ্যে, এই কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.