তিনিচুকীয়া, 14 মে’: শুকুৰবাৰে ডিগবৈ টিংৰাই বজাৰত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা ৷ এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে আৰু গুৰুতৰভাৱে আহত হয় আন তিনিজনকৈ ব্যক্তি ৷ আহত লোক কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, নিহত লোকজন চনদীপ সিং(25) ৷ আহত কেইজন ক্ৰমে মঞ্জিত দাস, সুৰজিত তালুকদাৰ (22), ঘনসিয়াম আগৰৱালা (32) । জানিব পৰা মতে, দুগৰাকী বাইক আৰোহিয়ে তোৰণ আগৰৱাল নামৰ এজন ব্যৱসায়িকৰ দোকানলৈ নিক্ষেপ কৰিছিল উক্ত গ্ৰেনেডটো ।
আৰক্ষী আৰু সামৰিক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু এতিয়াও সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত ৷
![তিনিচুকীয়াৰ গ্ৰেনেট বিস্ফোৰণত নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11757331_imgg.jpg)
উল্লেখ্য যে, বিগত 11 মে’ত জাগুনৰ কথাকাঠনিত সংঘটিত হৈছিল অনুৰূপ গ্ৰনেড বিস্ফোৰণৰ ঘটনা । যাৰ ফলত মৃত্যুক সাৱতিবলগীয়া হৈছিল এগৰাকী কিশোৰে । শুকুৰবাৰে তাৰেই পুনৰাবৃত্তি হ’ল ডিগবৈ টিংৰাইত । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
লগতে পঢ়ক: ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ