ETV Bharat / state

BREAKING NEWS: ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

author img

By

Published : Oct 12, 2022, 3:35 PM IST

Updated : Oct 12, 2022, 10:57 PM IST

উদ্ধাৰ হোৱা মৃতদেহটো কাশ্মিৰা খাতুনৰ বুলি জানিব পৰা গৈছে ৷ স্বামী মহম্মদ শ্বেহবাজ আলিয়ে ডুমডুমা নদীৰ দলঙৰ পৰা তললৈ পেলাই অন্তঃসত্ত্বা পত্নী কাশ্মিৰা খাতুনক হত্যা কৰাৰ অভিযোগ(Murder case in Tinsukia) ৷

Body found in Doom dooma river in Tinsukia
ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, 12 অক্টোবৰ: অৱশেষত উদ্ধাৰ হ’ল কাশ্মিৰা খাতুনৰ মৃতদেহ ৷ ডুমডুমা নদীত উদ্ধাৰ হয় কাশ্মিৰা খাতুনৰ মৃতদেহ (Body found in Doom dooma river in Tinsukia) ৷ বুধবাৰে ডুমডুমা নদীৰ কুমাৰীপট্টী ঘাটত (Doom dooma river in Tinsukia) উদ্ধাৰ হৈছে মৃতদেহটো ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কাশ্মিৰা খাতুনৰ মৃতদেহটো উদ্ধাৰ কৰে (Body found in Doom dooma river) ৷

উল্লেখ্য যে, বিগত ৬ অক্টোবৰত তিনিচুকীয়া জিলাৰ ডুমডুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল ৷ ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ গৰুমৰা লাইনৰ চেহবাজ মহম্মদে হত্যা কৰিছিল পত্নী কাশ্মিৰা খাতুনক । মৃত্যুৰ সময়ত ২০ বছৰীয়া কাশ্মিৰা খাতুন অন্ত:সত্ত্বা আছিল ৷ অৱশ্যে ডুমডুমা শংকৰদেৱ নগৰৰ বাসিন্দা কাশ্মিৰা খাতুনক ডুমডুমা নদীৰ দলংঙৰ পৰা তললৈ পেলাই হত্যা কৰাৰ কথা আদালতত নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী স্বামী চেহবাজ মহম্মদে ।

এই ঘটনাই সম্প্ৰতি সমগ্ৰ ডুমডুমাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাশ্মিৰা খাতুনৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু কাশ্মিৰাক ন্যায় প্ৰদানৰ দাবীত বুধবাৰে ডুমডুমাৰ শতাধিক মহিলা ওলাই আহি এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ-প'ষ্টাৰৰ লগতে মমবাতি লৈ ডুমডুমা নগৰৰ মাজমজিয়াত থকা গান্ধী মুৰ্তীৰ সমীপত প্ৰতিবাদকাৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পিছে কিয় এই ঘটনা সংঘটিত হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্য আৰক্ষীয়ে হত্যাকাৰী চেহবাজ মহম্মদক গ্ৰেপ্তাৰ কৰে ৷ ইফালে মঙলবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷

ডুমডুমা নদীত উদ্ধাৰ মৃতদেহ

টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই (Sensational murder case at Tingkhong) ৷

মঙলবাৰে প্ৰতিবেশীয়ে বহু সময় ধৰি মহিলাগৰাকীক দেখা নাপাই বিচাৰ-খোচৰ আৰম্ভ কৰে ৷ তাৰ পিছতে ঘৰৰ ভিতৰতে প্ৰতিবেশীয়ে মহিলাগৰাকীৰ মৃতদেহটো তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Murder case at Tingkhong: দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যা

Last Updated : Oct 12, 2022, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.