তিনিচুকীয়া, 12 মাৰ্চ: নিৰ্বাচন কেন্দ্ৰীক বাক-বিতণ্ডাৰ মাজতে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ সমষ্টিটোৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ বুথ সভাপতি দেবানন্দ গগৈক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে ৷
একাংশ স্থানীয় লোকে সদৰি কৰা মতে সন্ধিয়া অচিনাক্ত কোনো লোকে চুৰি মাৰি হত্যা কৰে বিজেপিৰ বুথ সভাপতিজনক। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দেৱানন্দ গগৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ৷ ইফালে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনে কি কাৰণত বিজেপি কৰ্মীজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক:ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা