ETV Bharat / state

বিজেপিয়ে নকৰে কংগ্ৰেছ শাসিত সমষ্টিৰ উন্নয়নমূলক কাম !

author img

By

Published : Jul 20, 2020, 3:22 PM IST

তিনিচুকীয়া জিলাৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তত বিজেপি দলৰ সদস্যই মইমতালি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰকৃততে বিজেপি নেতৃত্বাধীন পঞ্চায়তখনৰ অধীনষ্ঠ 2 নং ৱাৰ্ডৰ সদস্যগৰাকী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱাত উক্ত অঞ্চলৰ কোনো উন্নয়নমূলক কাম-কাজত গুৰুত্ব আৰোপ নকৰিলে পঞ্চায়তখনে ৷ একমাত্ৰ উক্ত কাৰণতে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ কথা ক্ষোভেৰে প্ৰকাশ কৰে গাঁৱবাসীয়ে ৷

BJP rulling GP denied to do development work in congress rulling ward sadiya Tinsukia assam etv bharat news
পথৰ দুৰৱস্থা

শদিয়া,20 জুলাই: উন্নয়নমূলক কাম-কাজৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ ৰৈছে ডুমডুমা বিধানসভা সমষ্টিবাসী ৷ তিনিচুকীয়া জিলাৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তত বিজেপি দলৰ সদস্যই মইমতালি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰকৃততে বিজেপি নেতৃত্বাধীন পঞ্চায়তখনৰ অধীনষ্ঠ 2 নং ৱাৰ্ডৰ সদস্যগৰাকী কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱাত উক্ত অঞ্চলৰ কোনো উন্নয়নমূলক কাম-কাজত গুৰুত্ব আৰোপ নকৰিলে পঞ্চায়তখনে ৷ একমাত্ৰ উক্ত কাৰণতে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ কথা ক্ষোভেৰে প্ৰকাশ কৰে গাঁৱবাসীয়ে ৷ সম্প্ৰতি বাৰিষাৰ কালছোৱাত এজাক বৰষুণতে কদৰ্যময় হৈ পৰে অঞ্চলটোৰ বাট-পথ ৷ ইয়াৰোপৰি ৱাৰ্ডটোত চতুৰ্দশ বিত্তীয় আয়োগৰ অন্তৰ্গত বজাৰগৃহ নিৰ্মাণৰ বাবে বিভিন্ন আঁচনি পঞ্চায়তে কৰ্তন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উন্নয়নমূলক কামৰ নমুনা প্ৰতিফলিত তিনিচুকীয়াত

ৰাইজৰ অভিযোগ অনুসৰি,পঞ্চায়তখনৰ বিজেপি প্ৰাৰ্থী বিজয়ী বা সমৰ্থিত অন্য ৱাৰ্ডসমূহত পূৰ্ণ গতিৰে চলিছে বিভিন্ন আঁচনিৰ উন্নয়নমূলক কাম-কাজ ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী ২নং ৱাৰ্ডত কোনো আঁচনি মুকলি কৰি দিয়া নাই পঞ্চায়তে ৷ উক্ত কাৰ্যৰ প্ৰতিবাদত সোমবাৰে স্থানীয় ৰাইজে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৱাৰ্ডটোৰ সমস্যাসমূহ সমাধানৰ দাবী জনাই পঞ্চায়তৰ বিষয়ববীয়াসকলক ৷ জানিব পৰা অনুসৰি,উক্ত ৱাৰ্ডত চতুৰ্দশ বিত্তীয় আয়োগৰ আবণ্টিত ধনেৰে এটি বজাৰগৃহৰ ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছে আঞ্চলিক পঞ্চায়ত সদস্যৰ উপস্থিতিত পঞ্চায়ত সভানেত্ৰীয়ে ৷ কিন্তু একাংশ বিজেপি নেতা-পালিনেতা আৰু চৰকাৰী শিক্ষকে বজাৰ গৃহটিৰ নিৰ্মাণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ কথা প্ৰকাশ কৰিছ স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, এই পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে পূৰ্বতেও প্ৰধানমন্ত্ৰী সন্মান নিধিৰ ধন হৰলুকি কৰাৰ তথ্য মজুত আছে ৷

জিলাখনত ব্যাপক হাৰত বৃদ্ধি পোৱা কৰ’ণাৰ গণ সংক্ৰমণক আওকাণ কৰি স্থানীয় ৰাইজে আয়োজন কৰা এই সভাত আৰক্ষীৰ এটা দল উপস্থিত হৈ সভা ভংগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী এই ৱাৰ্ডটোত বিজেপি শাষিত পঞ্চায়তখনে ৰাইজৰ প্ৰাপ্যসমূহ প্ৰদান কৰে নে নকৰে সেইয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃ কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.