দুলীয়াজান, 7 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ নৱম সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ 10 টাকৈ ফুটবল দলে অংশ গ্ৰহণ কৰা এই খেলখন ২৯ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ৷ অৰুণাচল প্ৰদেশৰ লেকাং ফুটবল দলে বাৰেকুৰি ফুটবল ক্লাৱক পৰাজিত কৰি আৰু অসমৰ অইল ইণ্ডিয়া দুলীয়াজান ফুটবল দলে ‘বদৌচা’ ফুটবল দলক পৰাজিত কৰি দুয়োটি দলে ফাইনেললৈ অৱতীৰ্ণ হয় ৷
এই ফুটবল খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক বিভাগৰ অধ্যাপক, অসম ফুটবল সন্থাৰ বিষয়ববীয়া, তিনিচুকীয়া ফুটবল সন্থাৰ বিষয়ববীয়া, উচ্চপদস্থ আৰক্ষী বিষয়ববীয়াকে ধৰি বাৰেকুৰিৰ বিভিন্ন পৰ্যায়ৰ ৰাজ্যিক-ৰাষ্ট্ৰীয় খেলুৱৈসকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ লগতে খেলখনি অনুষ্ঠিত হোৱাৰ আগমূহুৰ্তত বিভিন্ন গীত-মাত পৰিবেশনেৰে অতি আমোদজনক কৰি তোলে সমগ্ৰ পৰিবেশ ৷
চূড়ান্ত খেলখন দুয়োটি আগশাৰীৰ দলে অত্যন্ত আমোদজনক প্ৰদৰ্শনেৰে দৰ্শকক মোহিত কৰে ৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন উপভোগ কৰি দৰ্শকেও যথেষ্ট আমোদ পোৱাৰ লগতে উৎসাহিত হোৱাৰ পৰিলক্ষিত হয় ৷ দুয়োটা দলৰ তীব্ৰ প্ৰতিদ্বন্দিতাত কোনো দলে গ’ল দিবলৈ সক্ষম নোহোৱাত পেনালিটি পদ্ধতিৰে খেল পৰিচালনা কৰে ৷ শেষত অইল ইণ্ডিয়া দুলীয়াজানে ৫-৪ গ’লত বিজয় সাব্যস্ত কৰে ৷
লগতে পঢ়ক: স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিলে ধেমাজিৰ বেতনবঞ্চিত শিক্ষকে