ETV Bharat / state

বাঘজান তৈলখাদৰ ঘটনাক লৈ পুনৰ উত্তেজিত স্থানীয় লোক

author img

By

Published : Jun 6, 2020, 5:37 PM IST

শুকুৰবাৰে বাঘজানৰ ছেইণ্ট জোছেফ স্কুলৰ আশ্ৰয় শিবিৰত থকা লোকসকল ওলাই আহি ঘেৰাও কৰে বাঘজান আৰক্ষী চকী ৷ তৈলখাদৰ গেছ নিৰ্গমনৰ আজি এঘাৰটা দিন অতিক্ৰম কৰাৰ পিচতো বাঘজানত আহি উপস্থিত হোৱা নাই কোনো বিশেষজ্ঞৰ দল ৷

Baghjan situation remains tense, protest continues in tinsukia

তিনিচুকীয়া, 6 জুনঃ 11 দিনলৈ অব্যাহত আছে বাঘজানৰ "BGR-5" নম্বৰৰ তৈলখাদৰ গেছ নিৰ্গমণ ৷ বাঘজান অঞ্চলৰ ক্ষতিগ্ৰস্থ লোকসকলক সম্প্ৰতি অঞ্চলটোৰ কেইবাটাও আশ্ৰয় শিবিৰত ৰখা হৈছে ৷ শুকুৰবাৰে ছেইণ্ট জোছেফ স্কুলৰ আশ্ৰয় শিবিৰত থকা লোকসকল ওলাই আহি ঘেৰাও কৰে বাঘজান আৰক্ষী চকী ৷ আশ্ৰয় শিবিৰটোত থকা লোকসকলক অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনে অৱজ্ঞা কৰাৰ অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ ৷

বাঘজান তৈলখাদৰ ঘটনাক লৈ পুনৰ উত্তেজিত স্থানীয় লোক

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা অনুসৰি,অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনে আশ্ৰয় শিবিৰত থকা লোকসকলৰ অজ্ঞাতে কৰিছে আলোচনা ৷ যাৰ প্ৰতিবাদত আজি আশ্ৰয় শিবিৰটোত থকা লোকসকল ওলাই আহি বাঘজান আৰক্ষী চকীৰ সন্মুখ অইল ইণ্ডিয়াৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, তৈলখাদটোৰ গেছ নিৰ্গমন বন্ধ কৰিবলৈ বিদেশৰ পৰা এটা বিশেষজ্ঞৰ দল অহাৰ কথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই জনাইছিল যদিও,আজি এঘাৰটা দিন অতিক্ৰম কৰাৰ পিচতো বাঘজানত আহি উপস্থিত হোৱা নাই কোনো বিশেষজ্ঞৰ দল ৷

লগতে পঢ়কঃ বাঘজান তৈলখাদ ঘেৰাও কৰিলে উত্তেজিত ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.