ETV Bharat / state

কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

author img

By

Published : Dec 16, 2020, 1:46 PM IST

Updated : Dec 16, 2020, 4:32 PM IST

গত 27 মে‘ত বাঘজানৰ অভিশপ্ত BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণে প্ৰভাৱ পেলাইছিল বাঘজানৰ দাতীকাষৰীয়া অঞ্চলসমূহত ৷ ভূকম্পন আৰু তীব্ৰ শব্দৰ মাজত প্ৰায় পাঁচটা মাহ পাৰ কৰিবলগীয়া হৈছিল ৰঙাগড়াবাসী ৰাইজে ৷ এই ঘটনাৰ পিছতে বহু লোকে হেৰুৱাইছিল নিজৰ ঘৰ, বহুতো জীৱ-জন্তুৰ মৃত্যু মুখত পৰাৰ উপৰিও মানুহৰ দেহটো বিভিন্ন অচিন ৰোগে দেখা দিয়াৰ অভিযোগ ৰাইজৰ ৷ বাঘজানবাসীৰ এইসমূহ সমস্যা আজিও সমস্যাই হৈয়ে আছে ৷ আগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা ধাৰাৱাহিকভাৱে ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজানবাসীয়ে ৷

as_tsk_Baghjan_hunger_strike_vis_as10027
কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

তিনিচুকীয়া,16 ডিচেম্বৰ: অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হ’ল বাঘজানৰ জুই ৷ কিন্তু ইয়াৰ পিছতো সমস্যাৰ অন্ত পৰা নাই বাঘজানবাসীৰ ৷ বিগত 27 মে‘ত বাঘজানৰ অভিশপ্ত BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণে প্ৰভাৱ পেলাইছিল বাঘজানৰ দাতিকাষৰীয়া অঞ্চলসমূহত ৷ ভূকম্পন আৰু তীব্ৰ শব্দৰ মাজত প্ৰায় পাঁচটা মাহ পাৰ কৰিবলগীয়া হৈছিল ৰঙাগড়াবাসী ৰাইজে ৷ অৱেশেষত সুদূৰ কানাডাৰ বিশেষজ্ঞৰ দলে নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল জুই ৷ কিন্তু তেতিয়ালৈ ক্ষতিগ্ৰস্ত হৈছিল বহু দিশ ৷ বাঘজানৰ ঘটনাৰ পিছতে শেষ হৈ পৰিছিল নতুন ৰঙাগড়াবাসীৰ জীৱিকাৰ পথ । কিয়নো এই বিস্ফোৰণে প্ৰভাৱ পেলায় মাগুৰি মতাপুং বিল আৰু ডিব্ৰু নদীত, যাৰ ওপৰত নিৰ্ভৰ অঞ্চলটোৰ বহু ৰাইজৰ জীৱিকা ৷

এই ঘটনাৰ পিছতে বহু লোকে হেৰুৱাইছিল নিজৰ ঘৰ, বহুতো জীৱ-জন্তুৰ মৃত্যু মুখত পৰাৰ উপৰিও মানুহৰ দেহটো বিভিন্ন অচিন ৰোগে দেখা দিয়াৰ অভিযোগ ৰাইজৰ ৷ বাঘজানবাসীৰ এইসমূহ সমস্যা আজিও সমস্যাই হৈয়ে আছে ৷ আগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা ধাৰাৱাহিকভাৱে ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজানবাসীয়ে ৷ পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া কতৃপক্ষই এই ঘটনাত সম্পূৰ্ণৰূপে সৰ্বাস্ৰান্ত হোৱা লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও এই ক্ষতিপূৰণ লাভৰ পৰা এতিয়াও বহু লোক বঞ্চিত থকাৰ অভিযোগ৷ সেয়েহে ক্ষতিপুৰণ প্ৰদানৰ দাবীত পুনৰ ৰঙাগড়া আঞ্চলিক আঞ্চলিক খেলপথাৰত বিগত ১০ ডিচেম্বৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে শতাধিক পুৰুষ মহিলাই ৷

কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

অইল ইণ্ডিয়াই ক্ষতিপূৰণৰ আগধন নোপোৱা পৰ্যন্ত ভাড়াঘৰৰ বাবদ প্ৰতিটো পৰিয়ালক ৫০ হাজাৰকৈ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও মাত্ৰ এবাৰেই ৫০ হাজাৰ টকা দি দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ ৷ এই অনশন স্থলীৰ পৰাই ঘৰ ভাড়াৰ বাবদ প্ৰদান কৰা মূল্য অতি শীঘ্ৰে মোকলাই দিয়াৰ লগতে ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক B কেটেগেৰিত অন্তভুক্ত কৰি উচিত ক্ষতিপুৰণ দিবলৈ দাবী জনায় অইল কৰ্তৃপক্ষক ।

অইলৰ দাবী তেওঁলোকে বাঘজানবাসীৰ বাবে জিলা প্ৰাশাসনৰ হাতত ইতিমধ্যে মোকলাই দিছে ক্ষতিপূৰণৰ সম্পূৰ্ণ ধন ৷ কিন্তু ৰাইজৰ অভিযোগ অইল ইণ্ডিয়াই মোকলাই দিয়া ধন লাভ কৰা নাই ভূক্তভোগী পৰিয়ালসমূহে ৷ এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে বাৰে বাৰে প্ৰতাৰিত হ’বলগীয়া হৈছে বাঘজানবাসী ৷ নিজৰ হেপাহৰ ঘৰখন, জীবিকা আদি সকলো হেৰুওৱা বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চল বৃহত্তৰ নতুন ৰঙাগড়াবাসীয়ে নিজৰ প্ৰাপ্যৰ বাবে এনদৰে ওলাই আহি কিয় কৰিবলগীয়া হৈছে প্ৰতিবাদ? সৰ্বস্ৰান্ত এই লোকসকলৰ ওপৰত দৃষ্টি পৰিবনে চৰকাৰৰ ? সেইয়া বৰ্তমানো এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক-শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

Last Updated : Dec 16, 2020, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.