তিনিচুকীয়া,15 নৱেম্বৰ: বাঘজানবাসীৰ বাবে এক সুখবৰ ৷ অৱশেষত নিৰ্বাপিত হ’ল বাঘজানৰ অগ্নিকাণ্ড । বিগত প্ৰায় 5 মাহ অৰ্থাৎ 173 দিনৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ । বাঘজানস্থিত BGRৰ 5 নং তৈলখাদৰ জুই নিৰ্বাপন কৰিবলৈ সুদূৰ কানাডাৰ পৰা অনা হৈছিল স্নাভিং যন্ত্ৰৰ । উল্লেখ্য যে, পূৰ্বেও কানাডাৰ পৰা বাঘজানৰ জুই নিৰ্বাপিত কৰাৰ উদ্দেশ্যে আহিছিল এক বিশেষজ্ঞ দল ৷ কিন্তু সেই সময়ত ব্যৰ্থ হৈছিল দলটো ৷
![Baghjan fire stop tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9549287_img.jpg)