ETV Bharat / state

খোৱা পানীৰ নামত বিক্ৰী হৈ আহিছে বৰবিহ - ভুক্তভোগী

পেকেজ ড্ৰিঙ্কিং ৱাটাৰৰ নামত মাৰ্ঘেৰিটাৰ বজাৰত এতিয়া বৰবিহ । পাৱাৰ ইণ্ডিয়া নামৰ এটা পেকেজড্ ড্ৰিঙ্কিং ৱাটাৰ প্ৰস্তুতকাৰী কোম্পানীয়ে চিল কৰি বেচা পানীৰ বটলত এতিয়া ওলাইছে শেলুৱৈ গেদ আদিৰ দৰে বিষাক্ত দ্ৰব্য ।

Bad quality package drinking water found at Margherita
খোৱা পানীৰ নামত মাৰ্ঘেৰিটাত বিক্ৰী হৈ আহিছে বৰবিহ
author img

By

Published : Aug 20, 2020, 8:53 PM IST

মাৰ্ঘেৰিটা,২০ আগষ্ট: কেঞ্চাৰ ৰোগত আক্ৰান্ত মাৰ্ঘেৰিটাৰ এগৰাকী মহিলাক চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত বিশুদ্ধ পানী উপলব্ধ হোৱাকৈ পেকেজ ড্ৰিঙ্কিং ৱাটাৰ খাবলৈ দিছিল পৰামৰ্শ । চিকিৎসকৰ পৰামৰ্শ মৰ্মে যোৱা কিছুদিন ধৰি মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত "পাৱাৰ ইণ্ডিয়া" নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ পৰা পানী ক্ৰয় কৰি খাই আহিছিল ৰোগী গৰাকীয়ে ।

কিন্তু বিশুদ্ধ খোৱা পানী যোগানৰ নামত বিক্ৰী কৰা ড্ৰিঙ্কিং ৱাটাৰৰ বটলত শেলুৱৈ-গেদ যুক্ত পানী প্ৰত্যক্ষ কৰিলে ৰোগীৰ আত্মীয়ই । বহুকেইটা দিনৰ পৰা ৰোগীৰ স্বামীয়ে পাৱাৰ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ পৰা বিশুদ্ধ খোৱা পানী পোৱাৰ বিশ্বাসত একেলগে বহুকেইটা পানীৰ বটল ক্ৰয় কৰি ৰোগীয়া পত্নীক খাবলৈ দি আহিছিল যদিওঁ বুধবাৰে পানীৰ বটলত বিষাক্ত সামগ্ৰী উদ্ধাৰ হোৱাৰ পিছতে ৰোগীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে ৰোগীৰ লগতে পৰিয়ালবৰ্গ ।

খোৱা পানীৰ নামত মাৰ্ঘেৰিটাত বিক্ৰী হৈ আহিছে বৰবিহ

ঘটনাটো পোহৰলৈ অহাৰ পিছতে প্ৰতিস্থানটোৰ দ্বাৰা প্ৰস্তুত কৰা পেকেজ ড্ৰিঙ্কিং ৱাটাৰত পূৰ্বেও পোৱা এনে উদাহৰণৰ কথা উল্লেখ কৰি ক্ষোভ উজাৰিলে বহু কেইগৰাকী ভুক্তভোগীয়ে ।

Bad quality package drinking water found at Margherita
খোৱা পানীৰ নামত মাৰ্ঘেৰিটাত বিক্ৰী হৈ আহিছে বৰবিহ

ইতিমধ্যে বিশুদ্ধ খোৱা পানী বিক্ৰীৰ নামত বিষাক্ত পানী বিক্ৰী কৰি অহা প্ৰতিস্থানটোৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ । বিশুদ্ধ খোৱা পানী তথা পেকেজড্ ড্ৰিঙ্কিং ৱাটাৰ প্ৰস্তত তথা বিক্ৰীৰ নামত মাৰ্ঘেৰিটাকে ধৰি বৃহৎ অঞ্চলটোত বৰবিহ যোগান ধৰি অহা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.