ETV Bharat / state

খাদ্যৰ অভাৱত বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকৰ মাজত হাহাকাৰ

author img

By

Published : Jun 10, 2020, 9:29 PM IST

কৰ'ণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত আশ্ৰয় শিবিৰৰ পৰিষ্কাৰ পৰিছন্নতাৰ দিশটোত কোনো ধৰণৰ গুৰুত্ব নিদিয়া তথা পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীৰ লগতে,শিবিৰত থকা কণ-কণ শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান নধৰাত অইল ইণ্ডিয়া লিমিটেডৰ লগতে প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷

bad condition of people in the relief camp of baghjan
খাদ্যৰ অভাৱত বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকৰ মাজত হাহাকাৰ

তিনিচুকীয়া,10জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাত অৱস্থিত বাঘজান ৫ নং বি জি আৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত সৰ্বহাৰা হৈ পৰিছে প্ৰায় দুহেজাৰ লোক ৷ তাৰে পৰিপ্ৰেক্ষিতত লোকসকলক স্থানান্তৰিত কৰা হৈছে কৰদৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰলৈ ৷ কিন্তু প্ৰাণৰ মমতাত নিজা আবাসগৃহ এৰি আশ্ৰয় শিবিৰলৈ ঢাপলি মেলা এই লোকসকলৰ মাজত বৰ্তমান অভাৱ হৈছে নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ ৷ ইয়াৰ লগতে পৰিষ্কাৰ খোৱা পানী,শৌচাগাৰৰ অভাৱত এতিয়া অইল ইণ্ডিয়া তথা জিলা প্ৰশাসনৰ ওপৰত ক্ষোভিত হৈ পৰিছে আশ্ৰয় শিবিৰত থকা লোকসকল ৷

ইয়াকে লৈ আজি আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কৰ'ণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত আশ্ৰয় শিবিৰৰ পৰিষ্কাৰ পৰিছন্নতাৰ দিশটোত কোনো ধৰণৰ গুৰুত্ব নিদিয়া তথা পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীৰ লগতে,শিবিৰত থকা কণ-কণ শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান নধৰাত অইল ইণ্ডিয়া লিমিটেডৰ লগতে প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ আনহাতে মৰাণ সভাৰ সহকাৰী সাধাৰণ সম্পাদক বিতুপন মৰাণে অইল ইণ্ডিয়াৰ চৰম মইমতালিৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে ৷

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.