ETV Bharat / state

Ayushman scheme:আয়ুষ্মান আঁচনি সন্দৰ্ভত সকলোখিনি তথ্য আছেনে আপোনাৰ ওচৰত ?

কেৱল চৰকাৰী চিকিৎসালয়তেই নহয়, ব্যক্তিগত চিকিৎসালয়তো পাব আয়ুষ্মান আঁচনিৰ সুবিধা ৷ ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে ই উপলব্ধ ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়তো ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আয়ুষ্মান দিৱস উপলক্ষে সজাগতামূলক সমদলৰ লগতে সংবাদমেল ৷

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:09 PM IST

ayushman diwas celebrated in tinsukia
আয়ুষ্মান আঁচনি সন্দৰ্ভত সকলোখিনি তথ্য
আয়ুষ্মান আঁচনি সন্দৰ্ভত সকলোখিনি তথ্য

তিনিচুকীয়া, ২৩ ছেপ্টেম্বৰ : ভাৰতীয় নাগৰিক সকলক স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সহায়ৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত আয়ুষ্মান আঁচনি নামেৰে এক আঁচনিৰ শুভাৰম্ভ কৰিছিল । এই আচঁনিৰ ৫ বছৰীয়া সফল যাত্ৰা পূৰ্ণ হোৱাৰ উপলক্ষে শনিবাৰে দেশজুৰি আয়ুষ্মান দিৱস পালন কৰা হৈছে ।

তিনিচুকীয়া জিলাতো তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত শনিবাৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা আয়ুষ্মান দিৱস উৎযাপন কৰা হয় । এই আয়ুষ্মান দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা থানা চাৰিআলি পৰ্যন্ত এক সজাগতামূলক সমদল বাহিৰ কৰা হয় । এই শোভাযাত্ৰাৰ যোগেদি তিনিচুকীয়াবাসী ৰাইজক এই আয়ুষ্মান আঁচনিৰ লাভালাভৰ সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰাৰ লগতে এই আয়ুষ্মান কাৰ্ডৰ যোগেদি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা কিদৰে পাব পাৰি তাক সমাজৰ সকলো স্তৰৰ মানুহক সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰাৰ প্ৰয়াস কৰে ।

উক্ত সজাগতামূলক সমদলটোত তিনিচুকীয়াৰ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) চিন্ময় পাঠক, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সঞ্চালক ডা৹ মৃদুল গগৈৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে ৷ সজাগতামূলক সমদলৰ সামৰণি মৰাৰ পাচত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসালয়খনৰ সঞ্চালক ডা৹ মৃদুল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত ডা৹ মৃদুল গগৈয়ে সমূহ ৰাইজক এই আয়ুষ্মান আঁচনিৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা ল’বলৈ আহ্বান জনায় ৷ এই সুবিধা মাথোঁ চৰকাৰী চিকিৎসালয়তেই সীমাবদ্ধ নহয়, এই আঁচনি ব্যক্তিগত চিকিৎসালয়ৰ লগতে ৰাজ্যৰ বাহিৰতো উপলব্ধ বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Ayushman Bhava campaign:তিনিচুকীয়াত ‘আয়ুষ্মান ভৱ’ অভিযান সন্দৰ্ভত সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.