তিনিচুকীয়া, 4 নৱেম্ৱৰঃ সমগ্ৰ দেশজুৰি ইটিভি ভাৰতে আৰম্ভ কৰা প্লাষ্টিকমুক্ত পৰিৱেশৰ সজাগতা অভিযানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওলাই আহিছে শিল্পী সাহিত্যিক তথা সচেতন লোক ৷ তিনিচুকীয়াতো ইটিভি ভাৰতৰ হৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে ওলাই আহিল পথাৰ শিল্পীখ্যাত কণ্ঠশিল্পী লোহিত গগৈ ৷ তিনিচুকীয়াৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ শিল্পীগৰাকীয়ে ব্যৱসায়ী সকলক আহ্বান জনালে এবাৰ ব্যৱহৃত (Single Use Plastic)প্লাষ্টিক বৰ্জন কৰাৰ বাবে ৷
![AWARNESS ON SINGLE USED PLASTIC, ETV BHARAT INITIATIVE, TINSUKIA LUHIT GOGOI SINGER](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4952163_tinsukia.jpg)
দেশৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতে আৰম্ভ কৰিছে প্লাষ্টিকৰ বিৰুদ্ধে বিশেষ সজাগতা অভিযান ৷ বৰ্তমান সময়ত প্লাষ্টিকৰ প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰা ফলত সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে সজাগতাৰ ৷ পৃথিৱীৰ আগশাৰীৰ দেশসমূহে 25 মাইক্ৰণতকৈ কম সূচাংকৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষতো প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান মৰ্মে বৰ্জন কৰা হৈছে পৰিৱেশৰ বাবে আটাইতকৈ ক্ষতিকাৰক হিচাপে বিবেচিত হোৱা এবাৰ ব্যৱহৃত (Single Use Plastic)প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী ৷ উল্লেখ্য যে,ইটিভি ভাৰতৰ এই কাৰ্যসূচীত ভাগ লৈছে দেশৰ বিভিন্ন প্ৰান্তৰ বহু গণ্য মান্য ব্যক্তিয়ে ৷ নগাঁৱৰ পিচত তিনিচুকীয়াতো শিল্পী লোহিত গগৈয়ে ইটিভি ভাৰতৰ হৈ সজাগতা চলালে এবাৰ ব্যৱহৃত প্লাষ্টিক বৰ্জন কৰাৰ বাবে ৷
লগতে জানিবলৈ চাওকঃ দিল্লীত কাৰ্যকৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰ