ETV Bharat / state

ডিগবৈত চোকা অস্ত্ৰ দেখুৱাই যুৱতীক ধৰ্ষণ কৰাৰ চেষ্টা

ডিগবৈৰ পাৱৈ চাহ বাগানৰ সমীপত দেওবাৰে নিশা এজন যুৱকে এগৰাকী যুৱতীক চোকা অস্ত্ৰ দেখুৱাই ধৰ্ষণ কৰাৰ চেষ্টা চলায় ৷ পাৱৈ গাঁওৰক্ষী বাহিনীয়ে যুৱকজনক কৰায়ত্ত কৰি ডিগবৈ আৰক্ষীক চমজাই দিয়ে ৷

author img

By

Published : Aug 2, 2021, 10:39 PM IST

rape-case-at-tinsukia
ডিগবৈত চোকা অস্ত্ৰ দেখুৱাই যুৱতীক ধৰ্ষণ কৰাৰ চেষ্টা

তিনিচুকীয়া, 2 আগষ্ট : ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈ চাহ বাগানৰ সমীপৰ ধৰ ধাবাৰ কাষত দেওবাৰে নিশা চোকা অস্ত্ৰ দেখুৱাই এগৰাকী যুৱতীক ধৰ্ষণ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দেওবাৰে নিশা প্ৰায় ১০ বজাত অজয় মুৰা নামৰ এজন যুৱকে এগৰাকী যুৱতীক চোকা অস্ত্ৰ দেখুৱাই ধৰ্ষণ কৰাৰ চেষ্টা চলায় ৷ যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত সেই সময়ত মটৰ চাইকেলেৰে যাত্ৰা কৰা এজন লোকে সমগ্ৰ ঘটনাৰাজি প্ৰত্যক্ষ কৰে ৷

তেওঁ ততাতৈয়াকৈ পাৱৈ গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱকজনৰ কবলৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ পাৱৈ গাঁওৰক্ষী বাহিনীয়ে অভিযুক্ত অজয় মুৰাক কৰায়ত্ত কৰি ডিগবৈ আৰক্ষীক চমজাই দিয়ে ৷ ডিগবৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তদন্ত কৰিছে ৷

লগতে পঢ়ক : কি‌য় কিডনী বিক্ৰী নকৰি কলকাতাৰ পৰা উভতি আহিছিল কাঠমিস্ত্ৰী বৈৰাগী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.