মাৰ্ঘেৰিটা,22 মাৰ্চঃ তিনিচুকীয়া দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খননৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদ ৷ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
সমগ্ৰ ভাৰতবৰ্ষত লক ডাউন চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খননৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত উক্ত বিষয়টোৰ বিৰুদ্ধে বিভিন্ন বাতৰি সম্প্ৰচাৰো হৈছে ৷ অভয়াৰণ্যখনত মুক্ত কয়লা খননক লৈ অনুমতি প্ৰদান কৰাত মাৰ্ঘেৰিটাত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । শুক্ৰবাৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে কাৰ্ড লৈ বৰ্ষাৰণ্যখনত মুক্ত খনন চলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণ আন্দোলনৰ গঢ়ি তুলিব বুলি ছাত্ৰ নেতা সকলে সদৰী কৰে ৷
লগতে পঢ়ক- বৰলুইতত অঘটন, জাহাজৰ ইঞ্জিন বিকল