ETV Bharat / state

তিনিচুকীয়া সহকাৰী শ্ৰম আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন

author img

By

Published : Jun 27, 2021, 2:08 PM IST

২০১৯ চনৰ ১৯ জুনত মন্ত্ৰী সঞ্জয় কিষান কাৰ্যকালত সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কাৰ্যালয়টো নিৰ্মাণৰ বাবে ২,০৮,০৮,৮৯৮ টকা আৱন্টন দিয়া হৈছিল ৷

A_tsk_assistant-labour-commissioner-office-inauguration-by-minister-sanjay-kishan_vis_as10027
তিনিচুকীয়া সহকাৰী শ্ৰম আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন

তিনিচুকীয়া, 27 জুন : তিনিচুকীয়াৰ তিনিকোণীয়া তামোলবাৰীস্থিত সহকাৰী শ্ৰম আয়ুক্তৰ নৱ নিৰ্মিত কাৰ্যালয় (Assistant labour commissioner office)টো দেওবাৰে আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে ৰাজ্যৰ শ্ৰম কল্যাণৰ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে (Sanjay Kishan) । মন্ত্ৰী সঞ্জয় কিষান কাৰ্যকালত ২০১৯ চনৰ ১৯ জুনত সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কাৰ্যালয়টো নিৰ্মাণৰ বাবে ২,০৮,০৮,৮৯৮ টকা আৱন্টন দিয়া হৈছিল ৷

উল্লেখ্য যে, তিনিচুকীয়া জিলাত মন্ত্ৰী সঞ্জয় কিষানৰ কাৰ্যকালত বহু উন্নয়নমূলক কাম কৰা পৰিলক্ষিত হৈছে । উদ্বোধন অনুষ্ঠান উপস্থিত থাকি মন্ত্ৰী সঞ্জয় কিষানে কাৰ্যালয়টো দুবছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লগতে ৰাজ্যত মুঠ 15 টা সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন খণ্ডত কাম কৰা শ্ৰমিকসকলক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ বাবে বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷

মন্ত্ৰী সঞ্জয় কিষানে (Sanjay Kishan) তিনিচুকীয়া মেডিকেল কলেজ (Tinsukia Medical College)ৰ কামো দ্ৰুত গতিত আগবঢ়াৰ কথা উল্লেখ কৰি এনে ধৰণৰ উন্নয়নমূলক কাম চলিত চৰকাৰখনে কৰি যাব বুলি মন্তব্য কৰে ।

আনহাতে তিনিচুকীয়া জিলাত সাম্প্ৰতিক ক’ভিড (Covid-19) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সকলোকে চৰকাৰী নীতি নিৰ্দেশনা মানি চলাৰ আহ্বান জনায় ৷ ইয়াৰ লগতে ৰেড জ'ন ঘোষণা কৰা এলেকাসমূহৰ বাসিন্দা যাতে বাহিৰত ওলাব নোৱাৰে আৰু যিসকল ক’ভিড (Covid-19)আক্ৰান্ত ৰোগী চিনাক্ত হয় তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ।উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰী সঞ্জয় কিষানৰ লগতে শ্ৰম আয়ুক্ত কনপাই দাস, ডুমডুমাৰ বিধায়ক ৰূপেশ গুৱালা, বিজেপি জিলা সমিতিৰ সম্পাদক পুলক চেতিয়াৰ লগতে কেইবাজনো বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক : জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.