ETV Bharat / state

অসমীয়াৰ অপহৰণ অসহনীয়: জীৱন মৰাণ - Assamese abduction unbearable

অসমীয়াক অপহৰণ কৰি ধন আহৰণ কৰাক ঘোৰ বিৰোধিতা কৰে জীৱন মৰাণে। চীনত অনুষ্ঠিত আলফাৰ জেনেৰেল কাউঞ্চিলতো অংশ গ্ৰহণ কৰা জীৱন মৰাণে কিন্তু উপযুক্ত চিকিৎসাৰ অভাৱ অনুভৱ কৰি অসমলৈ নামি আহিব লগা হ’ল। তেওঁ শিৱিৰ ত্যাগ কৰাৰ পাছতহে আলফাৰ সভাপতি ড৹ অভিজিৎ অসমে বিবৃত্তি প্ৰকাশ কৰি বিচ্ছেদিত আলফা সদস্যজনক অব্যাহতি দিয়াৰ নাটক কৰিছে বুলি উল্লেখ কৰে জীৱন মৰাণে।

অসমীয়াৰ অপহৰণ অসহনীয়: জীৱন মৰাণ
অসমীয়াৰ অপহৰণ অসহনীয়: জীৱন মৰাণ
author img

By

Published : Apr 30, 2021, 1:17 PM IST

তিনিচুকীয়া, 30 এপ্ৰিল: আলফা স্বাধীনৰ মেজৰ জেনেৰেল, বিত্ত সচিব জীৱন অসম ওৰফে গুণত মৰাণ ওৰফে গুণত ডাঙৰীয়া সন্দৰ্ভত আলফা স্বাধীনৰ সৰ্বাধিনায়কে দিয়া বিবৃত্তিৰ পাছত থকা ৰহস্য ক্ৰমাৎ উন্মোচিত হৈছে। খবৰ অনুসৰি, বুুধবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনচা নিকটৱৰ্তী লাজুৰ পৰা ভাৰতীয় সেনাৰ থ্ৰী কৰ্পছে জিম্মাত লৈছিল আলফাই অব্যাহতি প্ৰদান কৰা জীৱন মৰাণক।

উল্লেখ্য যে, প্ৰথম মহাসমৰৰ কালত বিদেশ ভূমি মেছোপ’তেমিয়াত জন্ম লাভ কৰা ৱেষ্টাৰ্ণ এছিয়া টাইগ্ৰিছ কৰ্পছটোৰ মুখ্য কাৰ্যালয়টো আছে নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰৰ ৰাঙ্গাপাহাৰত। ইষ্টাৰ্ণ কমাণ্ডৰ অংশ কাউণ্টাৰ-ইনছাৰ্জেঞ্চী কৰ্পছটোৱে কেনে বিচক্ষণতাৰে আলফা স্বাধীনে অব্যাহতি দিয়া শীৰ্ষ নেতাজনক নিজৰ জিম্মালৈ নিছে সেয়াও তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে।

ইফালে, আলফাৰ সৰ্বাধিনায়ক ড৹ অভিজিৎ অসমে সামাজিক মাধ্যম যোগে দিয়া বিবৃতি অনুসৰি, স্বাস্থ্যজনীত কাৰণত সুচিকিৎসাৰ বাবে অব্যাহতি দিয়া হৈছে বুলি উল্লেখ কৰিলেও আলফাৰ জ্যেষ্ঠ নেতাজনক অব্যাহতি দিয়া কাৰ্যক পৰিস্থিতিৰ ওপৰত ভূ-ৰখা মহলে সহজভাৱে ল'ব পৰা নাই।

তেওঁলোকৰ মতে দৃষ্টি ৰাজখোৱাৰ অব্যাহতিৰ কাৰণ আৰু বিবৃত্তিৰ সতে জীৱন মৰাণৰ অব্যাহতিৰ মাজত ভিন্নতা পৰিলক্ষিত হৈছে ৷ য’ত জীৱন মৰাণৰ জীৱনজোৰা অৱদানৰ কথা উল্লেখেই কৰা হোৱা নাই। আৰু কোৱা হৈছে যে আলফাৰ মজিয়াৰ পৰাও বিভিন্ন নেতাক বিদেশত সু-চিকিৎসা প্ৰদানৰ নজিৰ থকাৰ পাছতো জীৱন মৰাণৰ দৰে জ্যেষ্ঠ নেতাৰ ক্ষেত্ৰত তেনে পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল ৷

উল্লেখ্য যে, এবাৰো বিদেশলৈ পলাই নোযোৱা প্ৰাক্তন আলফা নেতা হীৰা শৰণীয়াৰ ক্ষেত্ৰত গ্ৰহণযোগ্যতা থকাৰ দৰেই 1981 চনতে আলফাত যোগদান কৰি 1997লৈকে অসমতে থাকি কৃতিত্ব আৰু দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা জীৱন মৰাণৰো গ্ৰহণযোগ্যতা আছে আলফাৰ আলোচনাপন্থী আৰু আত্মসমৰ্পণকাৰী দুয়োটা পক্ষৰ মাজত।

উভতনি যাত্ৰাত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আলফা নেতা জীৱন মৰাণে কয় যে, অসমীয়াক অপহৰণ কৰি ধন আহৰণ কৰাটোক তেওঁ ঘোৰ বিৰোধিতা কৰে। একেদৰে চীন দেশত অনুষ্ঠিত আলফাৰ জেনেৰেল কাউঞ্চিলতো অংশ গ্ৰহণ কৰা নেতাজনে কিন্তু উপযুক্ত চিকিৎসাৰ অভাৱ অনুভৱ কৰি অসমলৈ নামি আহিব লগা হ’ল। তেওঁ জনোৱা মতে, তেওঁ শিৱিৰ ত্যাগ কৰাৰ পাছতহে আলফাৰ সভাপতি ড৹ অভিজিৎ অসমে বিবৃত্তি প্ৰকাশ কৰি বিচ্ছেদিত আলফা সদস্যজনক অব্যাহতি দিয়াৰ নাটক কৰিছে ।

জীৱন মৰাণৰ মতে, সম্প্ৰতি আলফাত ডেৰশমান সদস্য আছে আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ্য কৰি বহু শীৰ্ষ নেতৃত্বই আলফা ত্যাগ কৰাৰ পাছত দলটোক তেওঁ আৰু মাইকেলে নিয়ন্ত্ৰণ কৰিব লগা হৈছিল আৰু আঁ‌তৰত অৱস্থান কৰিছিল অৰুণোদয় অসমে।

লগতে পঢ়ক: ৩৭ বছৰীয়া সংগ্ৰামৰ অন্তত স্ব-ভূমিত জীৱন মৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.