ETV Bharat / state

ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট - Assam Tea Employees Union

অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ,টিংৰাই আৰু ডুমডুমা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে ৷ ৰাজ্য চৰকাৰখনে আন আন বৃহৎ খণ্ডৰ ওচৰত ক্ষুদ্ৰ চাহ শ্ৰমিক সকলক শোষণ হ'বলৈ এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে ৷

ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jan 28, 2021, 6:59 AM IST

Updated : Jan 28, 2021, 8:29 AM IST

ডুমডুমা,28 জানুৱাৰী: ডুমডুমাৰ দৈদাম চাহ বাগিচাস্থিত জেমছ্ ৱাৰেণ টি. লিমিটেডৰ পঞ্জীয়ন কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম চাহ কৰ্মচাৰী সংঘই ৷ বিভিন্ন দাবী আৰু অভিযোগ উত্থাপন কৰি কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চাহ উদ্যোগৰ আৰ্থিক স্থিতিৰ দোহাই দি ৰাজ্য চৰকাৰ খনে আন আন বৃহৎ খণ্ডৰ ওচৰত ক্ষুদ্ৰ চাহ শ্ৰমিক সকলক শোষণ হ'বলৈ এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে ৷ যি সময়ত দেশৰ ৰাজধানীত অসমৰ চাহ বাগিচা আৰু শ্ৰমিক সকলক প্ৰতীকপদ হিচাপে উপস্থাপন কৰিছে তেনে সময়তে ৰাজ্য চৰকাৰৰ এনে স্থিতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম চাহ কৰ্মচাৰী সংঘই ৷

ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে,অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ,টিংৰাই আৰু ডুমডুমা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কোম্পানীটোৱে চাহ উদ্যোগ সংকটৰ দোহাই দি কৰ্মচাৰী সকলৰ মাহিলি পেঞ্চন বন্ধ কৰাৰ ক্ষোভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পেঞ্চন চুক্তি বাহাল ৰখা,কৰ্মচাৰীৰ খালী পদসমূহ অতি শীঘ্ৰে পূৰণ কৰা,দ্বিপাক্ষিক চুক্তি অনুসৰি পাবলগীয়া কৰ্মচাৰী সকলৰ পদোন্নতি শীঘ্ৰে প্ৰদান কৰা,দৈনিক হাজিৰাত কৰ্মৰত শিক্ষকসকলৰ পদ নিয়মীয়া কৰি প্ৰাপ্য গ্ৰেড প্ৰদান কৰা,কৰ্মচাৰী সকলে পাই অহা অন্যান্য সা-সুবিধা সমূহ কৰ্তন বন্ধ কৰাৰ দাবী উত্থাপন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

Last Updated : Jan 28, 2021, 8:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.