ETV Bharat / state

নিৰ্মাণৰ দুদিন পাচতেই জাগুণত চপৰা-চপৰে এৰাল পকীপথ - জাগুণ

জাগুন পঞ্চায়তৰ অন্তৰ্গত 1 নং ফাণেং গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা হৈছিল মূল পথটোৰ ৷ কিন্তু পকী কৰা পথটোক লৈ ক্ষোভ স্থানীয় ৰাইজৰ ৷

নিৰ্মাণৰ দুদিন পাচতেই জাগুণত চপৰা-চপৰে এৰাল পকীপথ
author img

By

Published : May 7, 2019, 11:55 PM IST

জাগুন,7 মে’ : জাগুনৰ 1 নং ফাণেং গাঁৱত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । জাগুন পঞ্চায়তৰ অন্তৰ্গত 1 নং ফাণেং গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা হৈছিল মূল পথটোৰ ৷ কিন্তু পকী কৰা পথটোক লৈ ক্ষোভ স্থানীয় ৰাইজৰ ৷ অভিযোগ অনুসৰি নন্দলাল সিং নামৰ ঠিকাদাৰজনে নিৰ্মাণৰ কামত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাত এতিয়া বখলা-বখলে এৰাইছে পথটোৰ কিছু অংশ ৷ আনহাতে পথটো মাজত বহুওৱা কালভাৰসমুহো অতি বিপদজ্জনক অৱস্থাত ৰাখি দায়িত্ব সামৰিছে ঠিকাদাৰ গৰাকীয়ে ৷

নিৰ্মাণৰ দুদিন পাচতেই জাগুণত চপৰা-চপৰে এৰাল পকীপথ

অতিশীঘ্ৰে পথটো ভালদৰে নিৰ্মাণ নকৰিলে পথটো বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ দুৰ্নীতি নিৰ্মূলৰ শপত পাঠ কৰা ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই এতিয়া এই সমূহ দুৰ্নীতি ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লয় সেইয়া লক্ষণীয় হ'ব ৷

Intro:জাগুন ১ নং ফাণেং গাঁৱত পথ নিৰ্মাণৰ নামত বিয়াপক দুৰ্নীতি ।

জাগুন পঞ্চায়তৰ অন্তৰ্গত ১ নং ফাণেং গাওঁ বাহিয়ে বহু দিনৰ মূৰত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত মূল ৰাস্তা টোৰ পকী হোৱাৰ বাৰ্তা লাভ কৰিছিল।ৰাস্তা পকী হল কিন্তু কাম অতি নিম্ন মানৰ। আলকাত্ৰা বা শিলগুটি যি পৰিমাণত পৰিব লাগিছিল সেইমতে নপৰিল।নন্দলাল সিং নামৰ এজন ঠিকাদাৰে এই পথ চোৱাৰ তদাৰক কৰিছিল কিন্তু নিৰ্মান সম্পূৰ্ণ হোৱা ৰাস্তাৰ কিছু কিছু অংশৰ এতিয়া বখলা বখলে এৰিছে।ৰাইজৰ অভিযোগ কামত গাফিলতি কৰিছে সিঙে ।কলভাৰ্ত বহুৱাক লৈও ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে।কিয়নো অতি বিপদ জনক ভাবে বহুওৱা হৈছে কলভাৰ্ট সমূহ। ৰা ইজ ক্ষোভত ফাটি পৰিছে আৰু অতি শীঘ্ৰে পথটি ভালদৰে নিৰ্মাণৰ বাবে আহ্বান জনাইছে অন্যথা পথ নিৰ্মাণ বন্ধ কৰাৰ হুংকাৰ দিছে ।

Body:Byte-raij
Byte-raijConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.