তিনিচুকীয়া, 6 ছেপ্টেম্বৰ: ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অধিসূচনাক বিজেপি দলৰ এগৰাকী বিধায়কে অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে । চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কৰম পৰৱ’ উপলক্ষে ৬ ছেপ্তেম্বৰত ৰাজ্যৰ চাহ বাগিচাসমূহ বন্ধ ঘোষণা কৰি ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে ৫ ছেপ্তেম্বৰত এক অধিসূচনা জাৰি কৰিছিল (Assam Govt Declares Garden Holiday on Karam Puja)।
কিন্তু মঙলবাৰে দেখিবলৈ পোৱা গ'ল চৰকাৰী অধিসূচনাক অমান্য কৰি বাগিচাত কাম অব্যাহত ৰাখে চাহ শ্ৰমিকে । ইয়াৰ পাছতে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে(Doom Dooma Ex MLA Durga Bhumij) কয়, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ থকা ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাই(Doom Dooma MLA Rupesh Gowala) অসম চৰকাৰৰ নেতৃত্বাধীন শ্ৰম সংগঠনে(Assam Chah Mazdoor Sangha) চৰকাৰী নিৰ্দেশনাক চুড়ান্তভাৱে অৱমাননা কৰিছে ।
আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে(ATTSA Tinsukia Branch) ৰাজ্য চৰকাৰৰ অধিসূচনাক আদৰণি জনাই আৰু ‘কৰম পৰৱ’ ছুটীৰ বিনিময়ত অন্য দিনত কাম কৰোৱা নিৰ্দেশনা বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে শ্ৰমিক বিৰোধী নীতি পৰিহাৰ কৰাৰ আহ্বান জনায় । অন্যথা আটছাৰ প্ৰতিৰোধৰ সন্মুখীন হোৱাৰ হুংকাৰ দিয়ে বিধায়ক বিধায়ক ৰূপেশ গোৱালাক ।
এতিয়া প্ৰশ্ন হয়, চৰকাৰৰ অধিসূচনাক অমান্য কৰা বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধে বিজেপি দল অথবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?
লগতে পঢ়ক: CAAৰ বিৰুদ্ধে আছুৱে ন্যায়ালয়তো যুঁজ অব্যাহত ৰাখিছে: দীপাংক নাথ