ETV Bharat / state

ডুমডুমা আৰক্ষীৰ অভিযানত ৫ জুৱাৰী আটক

author img

By

Published : May 31, 2021, 11:02 AM IST

ডুমডুমা আৰক্ষীৰ অভিযানত জব্দ 5 টাকৈ জুৱাৰী ৷ ক’ভিডৰ বাবে জাৰি কৰা চৰকাৰী নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰি জুৱা খেলাত ব্যস্ত আছিল আটকাধীন জুৱাৰী কেইটা ৷

ডুমডুমা আৰক্ষীৰ অভিযানত ৫ জুৱাৰী আটক
ডুমডুমা আৰক্ষীৰ অভিযানত ৫ জুৱাৰী আটক

তিনিচুকীয়া,31 মে’: অপৰাধজনিত কাৰ্য-কলাপৰ বিৰুদ্ধে যেন একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ৷ ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিন্ন স্থানত চলোৱা অভিযানত জব্দ কৰা হৈছে নিষিদ্ধঘোষিত ড্ৰাগছৰ লগতে অন্যান্য ভিন্ন নিচাযুক্ত সামগ্ৰী ৷ ইয়াৰ লগতে আৰক্ষীৰ অভিযান অব্যাহত আছে সুৰা, জুৱা আদিকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ তিনিচুকীয়াৰ ডুমডুমাত আৰক্ষীৰ অভিযানত আটক কৰা হৈছে ৫ টাকৈ জুৱাৰী ৷ ডুমডুমা আৰক্ষীয়ে বৰহাপজানৰ পৰা আটক কৰে জুৱাৰী কেইটাক ৷ ক’ভিডৰ বাবে জাৰি কৰা চৰকাৰী নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰি জুৱা খেলত ব্যস্ত আছিল আটকাধীন জুৱাৰী কেইটা ৷

এই ঘটনাত নাম সাঙোৰ খাইছে ডুমডুমা থানাৰ এগৰাকী কনিষ্টবলৰ ৷ জুৱাৰী কেইটাৰ পৰা জব্দ কৰা হৈছে নগদ প্ৰায় 53,000 টকা ৷ সম্প্ৰতি আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজন হৈছে ক্ৰমে যোগেন্দ্ৰ প্ৰসাদ, দীপক কালৱাৰ, চন্দন বাঘ, প্ৰমোদ প্ৰসাদ, নিবাজ দে ৷ জুৱা খেলি থকা স্থানৰ পৰা ডুমডুমা আৰক্ষীয়ে আটক কৰে জুৱাৰী কেইজনক ৷

লগতে চাওকঃ মিছন ড্ৰাগছ : নগাঁৱত দুসপ্তাহত 37 টা ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.