তিনিচুকীয়া, 24 মে': তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত মুংগংপথাৰ অঞ্চলৰ স্থানীয় গাঁওৰক্ষী বাহিনী আৰু যুৱক সংঘৰ উদ্যোগত অঞ্চলটোত ড্ৰাগছ আৰু কানি সেৱনকাৰীৰ বিৰুদ্ধে এক অভিযান চলায় ৷ অভিযান কালত ড্ৰাগছ আৰু কানি সেৱনকাৰী চাৰিজন লোকক আটক কৰে গাঁওৰক্ষী বাহিনীৰ দলটোৱে ৷
পৰৱৰ্তী সময়ত আটক কৰা আটাইকেইজন লোকক পেঙেৰী আৰক্ষীক গটাই দিয়ে স্থানীয় ৰাইজে। আটকাধীন লোক কেইজন হ'ল- প্ৰকাশ থাপা, বাবুল গগৈ, বগে তামাং আৰু তাৰা ছেত্ৰী ৷
উল্লেখ্য যে, চাৰিওগৰাকী ধৃত ব্যক্তিৰ ঘৰ 1নং আৰু 2নং মুংগং পথাৰৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি অঞ্চলটোৰ আন কেইবাজনো লোক ড্ৰাগছ আৰু কানি ব্যৱসায়ৰ লগত জড়িত হৈ আছে।
তেওঁলোকে প্ৰকাশ কৰা লোকসকলৰ নাম হ'ল- বাছা খান, অৰূপ ছেত্ৰী, অতুল গগৈ, বীৰ বাহাদুৰ তামাং, অৰ্জুন ছেত্ৰী, দুৰ্গে ছেত্ৰী,ফনিন কাৰ্কী, ওম বাহাদুৰ ছেত্ৰী আৰু জনৈক নালীয়া অন্যতম । সম্প্ৰতি আটাইকেই গৰাকীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷